ETV Bharat / state

Story of Blind businessman: দৃষ্টিহীন ব্যৱসায়ী মানিক দেৱনাথৰ জীৱন কাহিনীৰে...

author img

By

Published : Aug 6, 2023, 3:46 PM IST

Updated : Aug 6, 2023, 5:02 PM IST

আজিৰ প্ৰতিবেদন কিছু ব্যতিক্ৰম । প্ৰতিজন দৰ্শকৰ অন্তৰ চুই যাব আজিৰ এই প্ৰতিবেদনে । আজিৰ প্ৰতিবেদন ৰাজপথৰ এগৰাকী দৃষ্টিহীন ব্যৱসায়ীৰ জীৱন কাহিনী সন্দৰ্ভত । দৃষ্টিহীন ব্যৱসায়ীগৰাকীৰ সন্দৰ্ভত সবিশেষ এই প্ৰতিবেদনত ৷

Story of Blind businessman
এগৰাকী দৃষ্টিহীন ব্যৱসায়ীৰ জীৱন কাহিনী

দৃষ্টিহীন ব্যৱসায়ী মানিক দেৱনাথৰ জীৱন কাহিনীৰে

বিহপুৰীয়া, 6 আগষ্ট : ৰাজপথত এগৰাকী বিশেষ ব্যৱসায়ী ৷ অসমীয়া জাতীয় জীৱনৰ লগত জড়িত সামগ্ৰী যেনে পলস-জুলুকি, পাচি-খৰাহি, কুলা-চালনিকে ধৰি বিভিন্ন ধৰণৰ সজুলি লৈ গাঁৱে-ভূঞে, নগৰে-চহৰে বিক্ৰী কৰি ফুৰা এজন দৃষ্টিহীন ব্যৱসায়ী ৷ নাম মানিক দেৱনাথ ৷

ছবছৰৰ পূৰ্বে চকুৰ এক জটিল ৰোগত আক্ৰান্ত হৈ দৃষ্টিশক্তি হেৰুৱাইছিল বিহপুৰীয়াৰ মানিক দেৱনাথে ৷ ব্যৱসায় কৰিয়েই চাৰিটা সন্তানক পঢ়াই-শুনাই মানুহ কৰাৰ লক্ষ্য থকা দেৱনাথে দৃষ্টিশক্তি হেৰুৱাই প্ৰথম অৱস্থাত বহু অসুবিধাৰ সন্মুখীন হৈছিল ৷ কিন্তু ভাগৰি পৰা নাছিল তেওঁ ৷ পৰৱৰ্তী সময়ত এজন সাৰথি যোগাৰ কৰি তেওঁ পুনৰ ব্যৱসায় আৰম্ভ কৰে ৷ আজিও সেইগৰাকী সাৰথিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি সুন্দৰভাৱে বিহপুৰীয়াত চলাই গৈছে বাঁহৰ ডলা-চালনিৰ ব্যৱসায় ।

বয়সে গৰকা এইগৰাকী দৃষ্টিহীন ব্যৱসায়ী দেৱনাথে কিন্তু নিজকে আজিও ভাবি থাকে এজন চফল ডেকা বুলি । কাৰণ তেওঁৰ লক্ষ্য-জীৱনৰ শেষ সময়লৈকে নিজৰ কৰ্মৰ দ্বাৰা উপাৰ্জিত ধনেৰেই তেওঁ চলিব ৷ সেয়েহে সন্মুখত থকা সকলো জলন্ত প্ৰত্যাহ্বানকো একাষৰীয়া কৰি সাৰথিৰ ওপৰতে বিশ্বাস ৰাখি চলাই গৈছে ব্যৱসায় ৷

ঠিক মহাভাৰতৰ কৃষ্ণ অৰ্জুনৰ দৰেই । মহাভাৰত যুগত যেনেদৰে অৰ্জুনৰ ৰথৰ সাৰথি আছিল কৃষ্ণ ৷ ঠিক সেইদৰে আজিও দেৱনাথে সাৰথিকে কৃষ্ণ বুলি লৈ জীৱন সংগ্ৰামখন চলাই গৈছে ৷ বহুতৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা এইগৰাকী অন্ধ ব্যৱসায় আজিৰ দিনটোত বহুতৰে বাবে হৈ পৰিছে আদৰ্শ ৷

জীৱনত কেতিয়াও চিকিৎসকৰ কাষ চাপি নোপোৱা দেৱনাথে হয়তো চিকিৎসকৰ কাষ চপা হ’লে দৃষ্টিশক্তি ঘূৰাই পালেহেঁতেন ৷ কিন্তু বিগত সময়ত পত্নীৰ অসুস্থতাৰ বাবে সকলো ধন খৰচ হোৱাৰ পিচত নিজৰ চিকিৎসাৰ বাবে একো নাৰাখিলে ৷ সেয়ে এতিয়া কেৱল জীয়াই থকাৰ সংগ্ৰামতেই এনেদৰে এখন ই-ৰিক্সাত বিহপুৰীয়াৰ অলিয়ে-গলিয়ে চলাই গৈছে এই ব্যৱসায় ৷

লগতে পঢ়ক : Special Interview with Yogendra Nath Dutta : ব্যতিক্ৰমী, আদৰ্শবান শিক্ষাগুৰু যোগেন্দ্ৰ নাথ দত্তৰ সপোনৰ কথাৰে...

Last Updated : Aug 6, 2023, 5:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.