নাওবৈচা, ১৮ মে': ৰাজ্য চৰকাৰে মহামাৰী কৰ'ণা ভাইৰাছক ৰোধ কৰিবলৈ নিত্য নতুন নিৰ্দেশনা জাৰি কৰি অহাৰ সময়তে একাংশ কাণ্ডজ্ঞানহীন লোকৰ বাবেই এতিয়া পৰিস্থিতি অতি ভয়ংকৰৰ দিশে গতি কৰিছে । একাংশ অসচেতন লোকৰ দায়িত্বজ্ঞানহীন মনোভাৱ আৰু আচৰণৰ বাবেই লখিমপুৰ জিলাত কৰ'ণাৰ দ্ৰুত সংক্ৰমণ দিনক দিনে বৃদ্ধি পাই আহিছে ।
বজাৰ-সমাৰ,দোকান-পোহাৰ আদিত সঠিকভাৱে মাস্ক পৰিধান নকৰি ঘূৰি-ফুৰাৰ লগতে উৎসৱ-পাৰ্বন অনুষ্ঠান আদিত আয়োজনৰ ক্ষেত্ৰত প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি বিপদ মাতি আনিছে সমাজলৈ । তেনে এক ঘটনা সংঘটিত হৈছে নাওবৈচাৰ চিলনীবাৰী চাহ বাগিচাত ।
যোৱা ৫ মে'ত বাগানখনৰ ডুমকা লাইন আৰু মাজ লাইনত অনুষ্ঠিত এক বিবাহ অভ্যৰ্থনা অনুষ্ঠানৰ পৰাই সমগ্ৰ অঞ্চলটোত কৰ'ণাৰ গণ সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ আহিছে । প্ৰাপ্ত তথ্য অনুসৰি, উক্ত বিবাহ অনুষ্ঠানত অংশগ্ৰহন কৰা মুঠ ৩২ জন লোক আক্ৰান্ত হৈছে কৰ'ণাত।
ৰাজ্য চৰকাৰৰ ক'ভিড বিধি অনুসৰি বিবাহ অনুষ্ঠানত ২০ জন অতিথি উপস্থিত থাকিব পাৰে যদিও চিলনীবাৰী চাহ বাগিচাৰ উক্ত অঞ্চল দুটাত তেজপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ পৰা বহু অতিথিৰ আগমন ঘটিছিল ।
বিয়াৰ পিছতে অঞ্চলটোৰ কেইবাজনো লোক চৰ্দি,কাহ জ্বৰত ভোগে । লগে লগে অঞ্চলটোত নাওবৈচা চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীয়ে ৰেপিড এন্টিজেন পৰীক্ষা কৰে। এই ৰেপিড এন্টিজেন পৰীক্ষাত আজিলৈকে ৩২ জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে ।
ইফালে, সমগ্ৰ বিষয়টো জিলা প্ৰশাসনে গুৰুত্বসহকাৰে গ্ৰহণ কৰি লখিমপুৰ জিলা উপায়ুক্তই উক্ত অঞ্চল দুটা মাইক্ৰ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে । লখিমপুৰ জিলা উপায়ুক্ত খৰ্গেশ্বৰ পেগুৱে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে অঞ্চল দুটাত কৰ'ণাৰ দ্ৰুত সংক্ৰমণ ঘটিছে আৰু কৰ'ণাৰ শৃংখল ভাঙিবৰ বাবে মাইক্ৰ কণ্টেইনমেন্ট জ'ন ঘোষণা কৰা হৈছে । লগতে তেওঁ সকলোধৰণৰ ৰাজহুৱা অনুষ্ঠানৰ পৰা সকলোকে আঁতৰি থাকিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক: যোৰহাটত আটক ভুৱা দণ্ডাধীশ