লখিমপুৰ, 29 জুনঃ নাওবৈছা বিধান সভাৰ টাটিয়ামৰা ম'হঘূলী সংযোগী পথৰ একমাত্ৰ দলংখনৰ এটা অংশ শিঙৰা নদীৰ পানীয়ে উটুৱাই নিয়াত জীয়াতু ভুগিছে অঞ্চলটোৰ বাসিন্দাই ৷ শুকুৰবাৰৰ নেৰানেপেৰা বৰষুণৰ পিছত বাঢ়ি অহা শিঙৰা বানে উটুৱাই নিলে দলংখন। বানপানীৰ ফলত বৰ্তমান হাহাকাৰ লাগিছে প্ৰায় দহ খন গাঁৱৰ ৰাইজৰ মাজত ৷
উল্লেখ্য যে,বৰষুণৰ পৰিমাণ কমিছে যদিও দলংখনৰ দুয়োটা মূৰ প্ৰায় উটি যোৱাৰ উপক্ৰম হৈছে। তাৰোপৰি দলঙৰ মাটি খহি কথমপি ৰক্ষা পৰিল বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক ।