ETV Bharat / state

জীৱন নাটৰ যৱনিকা পৰিল নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ - ২০১৯ চনৰ ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা লাভ কৰা সেৱাব্ৰত বৰুৱা

ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত নাট্যকাৰ হিচাপে সুখ্যাতি অৰ্জন কৰা প্ৰসিদ্ধ নাট্যকাৰ সেৱাব্ৰত বৰুৱা ওৰফে মিলু দা আৰু নাই ৷ দেওবাৰে পুৱা 5:30 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে নাট্যকাৰ গৰাকীৰ ৷

প্ৰসিদ্ধ নাট্যকাৰ সেৱাব্ৰত বৰুৱা ওৰফে মিলু দা আৰু নাই

author img

By

Published : Jan 24, 2021, 9:32 AM IST

বিহপুৰীয়া, 24 জানুৱাৰী : প্ৰসিদ্ধ নাট্যকাৰ তথা ২০১৯ চনৰ ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা লাভ কৰা সেৱাব্ৰত বৰুৱা ওৰফে মিলু দা আৰু নাই ৷ দীৰ্ঘদিনৰ পৰা বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা নাট্যকাৰ গৰাকীৰ দেওবাৰে পুৱা 5:30 বজাত দেহাৱসান ঘটে ৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত নাট্যকাৰ হিচাপে সুখ্যাতি অৰ্জন কৰা সেৱাব্ৰত বৰুৱাৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ নাট্যপ্ৰেমীৰ লগতে বিহপুৰীয়াতো শোকৰ ছাঁ পৰিছে ৷

প্ৰসিদ্ধ নাট্যকাৰ সেৱাব্ৰত বৰুৱা ওৰফে মিলু দা আৰু নাই
প্ৰসিদ্ধ নাট্যকাৰ সেৱাব্ৰত বৰুৱা ওৰফে মিলু দা আৰু নাই

উল্লেখ্য যে, দখল, চৰকাৰ-চকীদাৰ আৰু চোৰ, ৰং কিনিব কোনে, লটকনৰ লটিঘটি, অবুজ দৰা-অচিন কইনা ইত্যাদি নাটকৰ জৰিয়তে দৰ্শকৰ মন জয় কৰা নাট্যকাৰ গৰাকীৰ বিগত বৰ্ষৰ শেষৰফালে মগজুৰ এক অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল ৷ পৰৱৰ্তী সময়ত তেওঁ ঘৰলৈ উভতি অহাৰ পাচত পুনৰ অসুস্থ হৈ পৰাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি স্বাস্থ্য পৰীক্ষা কৰোৱাত বৃক্ক বিকল হোৱাৰ তথ্য পোহৰলৈ আহে ৷ তেখেতক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও দেওবাৰে ৰাতিপুৱা সকলোকে কন্দুৱাই নাট্যকাৰ গৰাকীয়ে পৃথিৱীৰ পৰা বিদায় মাগে ৷

লগতে পঢ়ক: সমগ্ৰ ৰাজ্যই সুঁৱৰিলে নেতাজী সুভাষ চন্দ্ৰ বসুক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.