ETV Bharat / state

লখিমপুৰত জহিং নদীৰ খহনীয়াত উচন কেইবাটাও পৰিয়াল

author img

By

Published : Jul 2, 2022, 2:58 PM IST

ৰাজ্যত বৰ্তমানেও অব্যাহত বানৰ তাণ্ডৱ(Flood in Assam) । সমানে সমানে খহনীয়াইও লৈছে কালৰূপ(Flood and erosion in Assam) । লখিমপুৰত জহিং নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে । জহিং নদীৰ খহনীয়াত উচন হৈছে কেইবাটাও পৰিয়াল ।

several families in erosion of jahaing river
লখিমপুৰত জহিং নদীৰ খহনীয়াত উচন কেইবাটাও পৰিয়াল

লখিমপুৰ,২ জুলাই: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত বান-গৰাখহনীয়াৰ তাণ্ডৱ(Flood and erosion in Assam) । কেইবাখনো নৈত জাহ গৈছে ৰাজ্য়ৰ বিস্তীৰ্ণ অঞ্চল । সমান্তৰালভাৱে লখিমপুৰতো খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে(Erosion in Lakhimpur) । লখিমপুৰৰ জহিঙত জহিং নদীয়ে কালৰূপ ধাৰণ কৰি খহাই নিছে নৈ কাষৰীয়া বিস্তীৰ্ণ অঞ্চল ।

ইতিমধ্যে জহিঙৰ খহনীয়াত জাহ গৈছে বহুকেইটা পৰিয়ালৰ ঘৰ-ভেটি । বিস্তীৰ্ণ কৃষিভূমিও এতিয়া নদীৰ বুকুত । প্ৰায় দুটা বছৰ ধৰি অব্যাহত থকা খহনীয়াত ঘৰ-ভেটি,শস্য ক্ষেত্র নদীৰ বুকুত হেৰুৱাই গৃহহীন হোৱা একাংশ পৰিয়ালে দুবছৰ ধৰি আশ্রয় লৈ আছে মথাউৰিত ।

ইফালে এই পৰ্যন্ত চৰকাৰে এই সকল গৃহহীন পৰিয়ালক সামান্যতমো সহায় নকৰাৰ অভিযোগ উত্থাপন কৰিছে গৃহহীন ৰাইজে । আনহাতে খহনীয়া ৰোধৰ ক্ষেত্ৰতো লোৱা নাই কোনো বিশেষ ব্যৱস্থা । ফলশ্ৰুতিত দিনকদিনে খহনীয়াই আৰু অধিক ভয়ংকৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে ।

উল্লেখযোগ্য যে ৰাজ্যৰ দ্বিতীয়খন পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়কে ধৰি জহিং অঞ্চলত আছে গুৰুত্বপূৰ্ণ কেইবাটাও প্ৰতিষ্ঠান । কিন্তু এনেদৰে যদি খহনীয়াৰ প্ৰকোপ অব্যাহত থাকে তেনেহলে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়খনলৈও নামিব অশনি সংকেত । ইফালে জহিঙৰ মূল ব্যৱসায়িক এলেকাৰ পৰা প্ৰায় এশ মিটাৰ নিলগতে খহনীয়া অব্যাহত থকাৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ আহি পৰিছে ভাবুকি । সেয়ে সময় থাকোতেই নদীখনৰ খহনীয়া ৰোধ কৰাৰ লগতে ইতিমধ্যে গৃহহীন হৈ পৰা সকলক সাহায্য প্ৰদান কৰিবলৈ ৰাইজে চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক: Actor Kishor Das passes away: জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.