নাওবৈচা,২০ মাৰ্চ: অসম প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এসপ্তাহ বাকী থকাৰ অৱস্থাত শনিবাৰে ১১০নং নাওবৈচা বিধানসভা সমষ্টিত প্ৰচাৰ অভিযানে আকৰ্ষণীয় ৰূপ লৈছে । সমষ্টিটো নিজৰ দখলত ৰাখিবৰ বাবে ৰাজনৈতিক দলৰ প্ৰতিজন প্ৰক্ষেপিত প্ৰাৰ্থীয়ে বিভিন্ন ধৰণৰ প্ৰচাৰ অভিযানে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ দিন ৰাতি একাকাৰ কৰিছে । সমষ্টিটোত এইবাৰ বাৰজন প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । প্ৰতিটো নিৰ্বাচনত সংখ্যালঘু ভোটাৰ ৰাইজে নিৰ্ণায়ক ভূমিকা পালন কৰি অহা সমষ্টিটোৰ সংখ্যালঘু ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবৰ বাবে প্ৰাৰ্থীসকলে বিভিন্ন ধৰণৰ ৰণকৌশল ৰচনা কৰিছে ।
নাওবৈচা সমষ্টিটোত এইবাৰ কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী ভৰত নৰহে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে । শনিবাৰে ভৰত নৰহক হৈ বিশাল নিৰ্বাচনী সভাত অংশ লয় বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে । সমষ্টিটোৰ সংখ্যালঘু বসতি প্ৰধান পাভ চাৰিআলিত অনুষ্ঠিত হোৱা বিশাল নির্বাচনী সভাত অংশ লৈ ৰকিবুল হুছেইনে বিজেপি চৰকাৰ সমালোচনাৰ লক্ষ্য কৰি লয় ।
কংগ্ৰেছ নেতাগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পাছতো আজি এই সভালৈ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে । কিয় ওলাই আহিছে যোৱা পাঁচ বছৰে বিজেপি চৰকাৰখনে অসমৰ ৰাইজক টেটু চেপি ৰাজত্ব কৰিছে বুলি উল্লেখ কৰি এই সভাই আজি প্ৰমাণ কৰি দিলে যে ভৰত নৰহ নাওবৈচা সমষ্টিৰ পৰা বিপুল ভোটৰ ব্যৱধানত জিকি আছে মাত্ৰ আনুষ্ঠানিকতাহে বাকী আছে । তেওঁ লগতে কংগ্ৰেছৰ নেতৃত্বত মহাজোঁট বন্ধনে অসমত পৰৱৰ্তী চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে ।
লগতে পঢ়ক : অমিয় কুমাৰ ভূঞাৰ হৈ মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ