বিহপুৰীয়া, 13 আগষ্ট : চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই নেদেখাজনৰ শৰণাপন্ন হৈছে বিহপুৰীয়াৰ নৈ পৰীয়া ৰাইজ ৷ বিহপুৰীয়া সমষ্টিৰ বনপুৰৈ-জামুগুৰিত ৰাইজে ব্ৰহ্মপুত্ৰৰ পাৰত নাম-কীৰ্তন কৰি নদীৰ বুকুত ভোগ-নৈবদ্য দান কৰে ৷ যোৱা ২৮ জুলাইত মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰা ঠাইকণো এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত ৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াত স্ত্ৰস্তমান হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷
বৃহত্তৰ অঞ্চলটোৰ ৰক্ষাকৱচ স্বৰূপ জামুগুৰি-আৰিমৰা সংযোগী মথাউৰিটোৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে বুঢ়ালুইতে । মথাউৰিটো স্পৰ্শ কৰিবলৈ মাজত মাত্ৰ ১০ মিটাৰ মানহে বাকী । ইমানৰ পিছতো খহনীয়া প্ৰতিৰোধৰ নামত জলসম্পদ বিভাগে ল'ৰাধেমালি কৰাৰ অভিযোগ ৰাইজৰ ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা 28 জুলাইত পৰিদৰ্শন কৰিছিল খহনীয়াগ্ৰস্ত অঞ্চল ৷ কিন্তু লুইতক ভেটিব কোনে ? জলসম্পদ বিভাগে সময়ত খহনীয়া ৰোধৰ ব্যৱস্থা নকৰাৰ বাবেই এইদৰে ৰাইজে দুৰ্ভোগ ভুগিব লগীয়া হৈছে ৷ গছৰ ডাল-পাত পেলাই ৰাইজে খহনীয়াৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা চলাইছে যদিও সেইয়া মাথোঁ সান্তনাহে ৷ যাৰ বাবে এতিয়া নেদেখা জনেই শেষ ভৰষা এইসকল লোকৰ ৷
লগতে পঢ়ক : গাভৰু নদীৰ বাঢ়নী পানীয়ে ভাঙিলে বান্ধ