ETV Bharat / state

Rangali Bihu 2022 : প্ৰতিকূল বতৰৰ মাজতে ৰঙালীক আদৰিছে লখিমপুৰবাসীয়ে - আজি গৰু বিহু

দুৱাৰদলিত হেঁপাহৰ ৰঙালী ৷ আজি গৰু বিহু ৷ প্ৰতিগৰাকী অসমীয়াৰ গা আজি হৈছে সাতখন-আঠখন (Rangali Bihu celebrates in Assam) ৷ প্ৰতিকূল বতৰকো নেওচি প্ৰতিগৰাকী অসমীয়া চহা কৃষক ওলাই আহিছে গৰু বিহু পালন কৰিবলৈ, ব্যতিক্ৰম নহয় লখিমপুৰবাসী ৷

Goru Bihu 2022
প্ৰতিকূল বতৰৰ মাজতো ৰঙালীক আদৰাত ব্যস্ত লখিমপুৰবাসী
author img

By

Published : Apr 14, 2022, 11:42 AM IST

লখিমপুৰ, 14 এপ্ৰিল : ‘‘ব’হাগ মাথো এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ ৷ অসমীয়া জাতিৰ ই আয়ুসৰেখা, গণ জীৱনৰ সাহ’’ ৷ চাওঁতে চাওঁতে আহি পালেহি হেঁপাহৰ ৰঙালী বিহুটি ৷

Goru Bihu 2022
প্ৰতিকূল বতৰৰ মাজতো ৰঙালীক আদৰাত ব্যস্ত লখিমপুৰবাসী

আজি গৰু বিহু (Goru Bihu celebrations in Lakhimpur) ৷ বিগত দুটা বছৰে প্ৰতিজন অসমীয়াই অতি উৎসুকতাৰে বাট চাই আহিছিল ৰঙালীৰ বাবে ৷ কিয়নো বিগত সময়চোৱাত কাল কৰ’ণাৰ বাবে হেঁপাহৰ ৰঙালী বিহুটি কোনেও উদযাপন কৰিব পৰা নাছিল ৷ অৱশ্যে এইবাৰ দেখা গ’ল এক বিপৰীত প্ৰতিচ্ছবি ৷

কৰ’ণা মহামাৰীৰ প্ৰকোপ কিছু শাম কটাৰ বাবে ৰাজ্যবাসীয়ে প্ৰাণখুলি উদযাপন কৰিবলৈ লৈছে হেঁপাহৰ বিহুটি (Rangali Bihu celebrates in Assam) ৷ অৱশ্যে ৰঙালী বিহু উদযাপনৰ ক্ষেত্ৰত বতৰে দিছে কিছু বিধি-পথালি । বুধবাৰৰ নিশাৰ পৰা হৈ থকা ধাৰাষাৰ বৰষুণে ৰঙালীৰ উৎসাহ কিছু পৰিমাণে ম্লান কৰি তোলে । তথাপি পৰম্পৰা ৰক্ষা কৰি লখিমপুৰত গৰু বিহু পালনৰ বাবে ওলাই আহে কৃষক ৰাইজ ৷

আজি গৰু বিহু

প্ৰতিকূল বতৰকো নেওচি সমগ্ৰ ৰাজ্যবাসীৰ লগতে লখিমপুৰ জিলাৰ গাঁৱে-ভূঁঞে নদ-নদী, পুখুৰী আৰু জলাশয়ত নামি প্ৰতিগৰাকী কৃষকে হাতে হাতে চাট আৰু মুখত বিহুনাম জুৰি গৰুক গা-ধুওৱা পৰিলক্ষিত হয় । লখিমপুৰৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰু বৃহত্তৰ মহাইজানবাসীৰ সহযোগত সোৱণশিৰি ঘাগৰ নদীৰ পাৰত ৰাজহুৱাকৈ উদযাপন কৰা হৈছে গৰু বিহু ।

লগতে পঢ়ক : পৰম্পৰা ৰক্ষা কৰি মৰাণৰ ৰাইজে পালন কৰিলে গৰু বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.