লখিমপুৰ,১০ মে': হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এটা বছৰ সম্পূৰ্ণ(Assam Government led by Himanta Biswa Sarma completes one year) । এটা বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্য চৰকাৰে আয়োজন কৰিছে আড়ম্বৰপূৰ্ণ অনুষ্ঠান । ইফালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ চৰা দামে বিপাঙত পেলাইছে জনতাক । বহু আলোচনা বিলোচনাৰ অন্তটো কমা নাই দাম । সেয়ে বৰ্ষপূৰ্তিৰ দিনাই প্ৰতিবাদত বহিল ৰাইজৰ দলৰ নেতা-কৰ্মী ।
ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তিৰ দিনাই লখিমপুৰত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰে ৰাইজৰ দলে । মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দলটোৱে চৰকাৰক তীব্র সমালোচনা কৰে (Raijor Dal stage protest against price hike) । মূল্যবৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায় হায় ইত্যাদি ধ্বনিৰে উত্তাল কৰে আকাশ বতাহ ।
মিথ্যাচাৰেৰে চৰকাৰ গঠন কৰি জনসাধাৰণক মূল্য বৃদ্ধিৰে মাধমাৰ শোধাইছে বুলি কেন্দ্র আৰু ৰাজ্য চৰকাৰক ককৰ্থনা কৰে ৰাইজৰ দলৰ প্ৰতিবাকাৰী সকলে । মূল্য বৃদ্ধিৰে জনসাধাৰণক জীয়াতু ভুগিবলৈ বাধ্য কৰোৱা চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বাবে প্ৰৱল সংগ্রাম কৰিবলৈ সকলো ৰাইজক ওলাই অহাৰ আহ্বান জনাই ৰাইজৰ দলৰ নেতা-কৰ্মীয়ে ।
লগতে পঢ়ক: হাগ্ৰামা মহিলাৰী এজন খিলাড়ী মানুহ, কেজৰিৱাল এজন চাফ-চিকুণ লোক: নৱ শৰণীয়া