ETV Bharat / state

Poor road condition in Narayanpur: ১০৮ সেৱাৰ বাহন যাব নোৱাৰা নাৰায়ণপুৰৰ এখন গাঁও

author img

By

Published : Jul 24, 2023, 5:04 PM IST

নাৰায়ণপুৰত বিধ্বস্ত পথে জলাকলা খুৱাইছে ৰাইজক । ১নং তাতীবাহাৰ, লক্ষীপুৰত পথ নিৰ্মাণত দূৰ্নীতিৰ অভিযোগ ।

Dilapidated road in Narayanpu
নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ ভগ্ন ছবি
নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ ভগ্ন ছবি

বিহপুৰীয়া, ২৪ জুলাই: লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১নং তাতীবাহাৰ লক্ষীপুৰত দীৰ্ঘদিন ধৰি যাতায়াতৰ ক্ষেত্ৰত ৰাইজে দুৰ্ভোগ ভুগি আহিছে । বাৰিষা পিছলা, দ্ৰোপাং আৰু দিহিৰি নদীৰ বাঢ়নী পানী পথৰ ওপৰলৈকে বাগৰি অহাৰ ফলত আজি বহু বছৰৰ ধৰি জলাকলা খাই আহিছে স্থানীয় ৰাইজে ।

তাতীবাহাৰৰ ৰঙতি পথৰ পৰা লক্ষীপুৰ পথছোৱা আজি পৰ্যন্ত কোনো এখন চৰকাৰে নিৰ্মাণ নকৰিলে । ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । বিশেষকৈ বাৰিষাৰ সময়ত এই পথত সৃষ্টি হোৱা একাঠু বোকা আৰু পানীৰ বাবে জীয়াতু ভুগি আহিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷ এই বিধ্বস্ত পথটোৰ বাবেই শিক্ষাৰ্থী আৰু জৰুৰী অৱস্থাত ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত গাঁওবাসী সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ আনকি এই গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰে জৰুৰীকালীন ১০৮ সেৱাৰ বাহন ৷ উক্ত পথটো নিৰ্মাণৰ বাবে সংশ্লিষ্ট বিভাগৰ লগতে জনপ্ৰতিনিধিক বহুবাৰ আবেদন জনাই অহাৰ পাচতো কোনোৱেই আজিকোপতি সুদৃষ্টি নিদিলে ৷

২০২১/২২ বিত্তীয় বৰ্ষত পিছলা আঞ্চলিক পঞ্চায়তৰ জৰিয়তে তাতীবাহাৰ ৰঙতি সংযোগী পথৰ পৰা গোবিন বৰুৱা চুবুৰীলৈ এমজিএনৰেগা আঁচনিৰ অধীনত মাটি পেলোৱা আৰু বান্ধ নিৰ্মাণৰ বাবে পাঁচ লাখ টকা আৱন্টন হৈছিল । কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই কামো আঁচনি অনুসৰি সফল ৰূপায়ন ন'হল ।

আজিও অসম্পূৰ্ণ হৈ থকা পথছোৱা নিৰ্মাণৰ নামত স্থানীয় জনপ্ৰতিনিধিয়ে ইতিমধ্যে দুই লাখ পঞ্চাশ হাজাৰ টকা উলিয়াই অনা বুলি ৰাইজে অভিযোগ ফত্থাপন কৰে । এই পথত সোমবাৰে স্থানীয় বহু পুৰুষ মহিলা উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত এনেবোৰ অভিযোগ উত্থাপন কৰে । চৰকাৰক সংবাদ মাধ্যমৰ জৰিয়তে অতি সোনকালে এই পথছোৱা নিৰ্মাণ কৰি ৰাইজক সকাহ দিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক:Manipur violence : মণিপুৰৰ ঘটনাক আফগানিস্তান তথা ইৰাকৰে ৰিজালে বিধায়ক ভৰত নৰহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.