ETV Bharat / state

লখিমপুৰত অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংস্থাৰ প্ৰতিবাদ - নিচাজাতীয় সামগ্ৰী

লখিমপুৰত সোমবাৰে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ লগতে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ আৰু প্ৰচলন বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে 'অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংস্থা'ই ৷

protests-in-lakhimpur
লখিমপুৰত অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংস্থাৰ প্ৰতিবাদ
author img

By

Published : Nov 8, 2021, 3:31 PM IST

লখিমপুৰ, 8 নৱেম্বৰ : লখিমপুৰত সোমবাৰে 'অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংস্থা'ৰ প্ৰতিবাদ ৷ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ লগতে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ আৰু প্ৰচলন বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংস্থাই ৷ শেহতীয়াকৈ দেশত বৃদ্ধি পোৱা মূল্যবৃদ্ধিয়ে এতিয়া জুৰুলা কৰিছে সাধাৰণ জনতাক ৷

ক’ভিড সৃষ্ট পৰিৱেশত বিগত দুটা বছৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই দামে এতিয়া হতাশাত ভোগাইছে জনসাধাৰণক ৷ ইফালে মূল্যবৃদ্ধিৰ বিপৰীতে নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত লোকৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ সেয়েহে ড্ৰাগছৰ প্ৰচলন বন্ধ কৰা, পুনৰ সংস্থাপন নকৰাকৈ উচ্ছেদ অভিযান বন্ধ কৰা, বয়-বস্তুৰ মূল্যবৃদ্ধি ৰোধ কৰা আদি বিভিন্ন দাবী তুলি এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংস্থাটোৱে ৷

নগৰখনৰ ত্যাগ ক্ষেত্ৰৰ পৰা সমদল বাহিৰ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মহিলা সংস্থাটোয়ে । প্ৰতিবাদীকাৰী মহিলাসকলে উপায়ুক্তৰ জৰিয়তে সংস্থাৰ দাবী সংলগ্ন এখন স্মাৰক পত্ৰও ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : লামডিঙত অব্যাহত প্ৰশাসনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.