লখিমপুৰ, 29 জানুৱাৰীঃ লখিমপুৰৰ ৰাজপথত জ্বলিল বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁইৰ প্ৰতিকৃতি ৷ ছাত্ৰ নেতা ছাৰ্জিল ইমামৰ পক্ষত হীৰেন গোহাঁইয়ে মাত মতাৰ অভিযোগ তুলি লখিমপুৰৰ মালপানী চাৰিআলিত হীৰেন গোহাঁইৰ প্ৰতিকৃতি দাহ কৰিলে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম নামৰ সংগঠনটোৱে ।
![লখিমপুৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlp-hirengohain-iffigy-burn-7204036_29012020125418_2901f_00767_630.jpg)
সংগঠনটোৰ দাবী নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ গইনা লৈ ভাৰতক খণ্ডিত কৰিব বিচৰা ছাৰ্জিল ইমামৰ পক্ষ লৈছে হীৰেন গোহাঁইয়ে ৷ যাৰ বাবে হীৰেন গোঁহাইক কোনো কাৰণত মানি ল'ব নোৱাৰে অসমীয়া ৰাইজে । সেয়েহে সংগঠনটোৱে সকলো দল সংগঠন, ৰাইজক হীৰেণ গোহাঁইক ত্যাগ কৰিবলৈ আহ্বান জনায় ।
আৰু পঢ়কঃ মহাৰাষ্ট্ৰৰ নাচিকত দুৰ্ঘটনা, নিহত 25