ETV Bharat / state

Lakhimpur polytechnic institute: অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শিক্ষয়িত্ৰীসহ ছাত্ৰ-ছাত্ৰী - শিক্ষয়িত্ৰীক অশালীন ব্যৱহাৰ অধ্যক্ষৰ

শিক্ষয়িত্ৰীক অশালীন ব্যৱহাৰৰ লগতে বিত্তীয় কেলেংকাৰীত অভিযুক্ত অধ্যক্ষৰ বিৰূদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদমূখৰ হ’ল লখিমপুৰ পলিটেকনিক(Protest in Lakhimpur polytechnic institute) ৷ অধ্যক্ষ সুভাষ চন্দ্ৰ দাসক বদলি কৰাৰ লগতে অতিশীঘ্ৰে সকলো সমস্যাৰ স্থায়ী সমাধান নকৰা পৰ্যন্ত শ্ৰেণী বৰ্জনৰ হুংকাৰ দিলে ছাত্ৰ-ছাত্ৰীসহ শিক্ষয়িত্ৰীসকলে ৷

Lakhimpur polytechnic institute
অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শিক্ষয়িত্ৰীসহ ছাত্ৰ-ছাত্ৰী
author img

By

Published : Dec 16, 2021, 9:52 PM IST

বিহপুৰীয়া, 16 ডিচেম্বৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ খেৰাজখাটস্থিত লখিমপুৰ পলিটেকনিক(Lakhimpur Polytechnic institute)ত বৃহস্পতিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । শিক্ষানুষ্ঠাখনৰ অধ্যক্ষৰ লগতে কৰ্তৃপক্ষৰ বিৰুদ্ধে থকা বহুকেইটা গুৰুতৰ অভিযোগৰ ভিত্তিত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষয়িত্ৰীসহ ছাত্ৰ-ছাত্ৰীসসকলে (Protest against principal in Lakhimpur) ৷

অধ্যক্ষ সুভাষ চন্দ্ৰ দাসৰ বিৰূদ্ধে মহিলা শিক্ষকক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপনৰ লগতে কৰ্তৃপক্ষই বিনা কাৰণত প্ৰতিগৰাকী শিক্ষয়িত্ৰীৰ পৰা ৪০ৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত দৰমহা কৰ্তন কৰা বুলি জানিবলৈ দিছে প্ৰতিবাদকাৰীসকলে ৷ তদুপৰি অধ্যক্ষগৰাকীৰ বিৰূদ্ধে শিক্ষানুষ্ঠাখনৰ আন্তঃগাঁথনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগো উত্থাপিত হৈ আহিছে ৷

অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শিক্ষয়িত্ৰীসহ ছাত্ৰ-ছাত্ৰী

সমগ্ৰ বিষয় সন্দৰ্ভত সাংবাদিকে অধ্যক্ষগৰাকীৰ পৰা জানিব বিচৰাত অধ্যক্ষগৰাকীয়ে দিয়া দায়সৰা মন্তব্যত উত্তেজিত হৈ পৰে শিক্ষানুষ্ঠাখনৰ ছাত্ৰ-ছাত্ৰীসকল । ইফালে সুচাৰুৰূপে নিজৰ কৰ্তব্য পালন কৰাৰ পিছতো দৰমহা কৰ্তন কৰাৰ কাৰ্যত ক্ষুণ্ণ হৈ প্ৰতিষ্ঠানখনৰ গাণনিকগৰাকীৰ ওপৰতো খৰ্গহস্ত হৈ পৰে শিক্ষয়িত্ৰীসকল ।

বৃহস্পতিবাৰৰ প্ৰতিবাদস্থলীৰ পৰাই অনতিপলমে সুভাষ চন্দ্ৰ দাসক বদলি কৰাৰ লগতে অতিশীঘ্ৰে সকলো সমস্যাৰ স্থায়ী সমাধানৰ দাবী কৰে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষয়িত্ৰীসকলে । আনহাতে অভিযুক্ত অধ্যক্ষগৰাকী বদলি নোহোৱা পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী বৰ্জন কৰাৰো হুংকাৰ দিয়ে ।

লগতে পঢ়ক: এই বছৰতে লখিমপুৰ মেডিকেল কলেজত আৰম্ভ হ’ভ MBBS-ৰ পাঠদান

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.