ETV Bharat / state

নামঘৰ উচ্ছেদক কেন্দ্ৰ কৰি উত্তপ্ত লখিমপুৰ - প্ৰতিবাদ

লখিমপুৰৰ পদুমণিত নামঘৰ উচ্ছেদক কেন্দ্ৰ কৰি সাব্যস্ত তীব্ৰ প্ৰতিবাদ । স্থানীয় ৰাইজে স্থাপন কৰা এক নামঘৰ বন বিভাগে উচ্ছেদ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷

Protest against Namghar Eviction in lakhimpur assam etv bharat news
নামঘৰ উচ্ছেদক কেন্দ্ৰ কৰি প্ৰতিবাদ
author img

By

Published : Sep 8, 2020, 6:44 PM IST

লখিমপুৰ,8 ছেপ্তেম্বৰ: লখিমপুৰ জিলাৰ পদুমণিত নামঘৰ উচ্ছেদক কেন্দ্ৰ কৰি সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ । জিলাখনৰ পদুমণিৰ অধীনৰ সোণালী গাঁৱত স্থানীয় ৰাইজে স্থাপন কৰা এক নামঘৰ বন বিভাগে উচ্ছেদ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি ৷

নামঘৰ উচ্ছেদক কেন্দ্ৰ কৰি প্ৰতিবাদ

প্ৰাপ্ত তথ্য অনুসৰি, কোনো জাননী অবিহনে পুৱতি নিশা প্ৰায় 4 বজাত বন বিভাগে চলোৱা এই উচ্ছেদক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰা গাঁওখনৰ দুই শতাধিক পুৰুষ-মহিলা ওলাই আহি এই কাৰ্যৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে এই কাৰ্যৰ প্ৰতিবাদত প্ৰায় 4 ঘণ্টা ধৰি অৱস্থান কৰি ধৰ্ণা দিয়ে পথালিপাম বন কাৰ্যালয়ৰ সন্মুখত ৷ প্ৰতিবাদকাৰীসকলে আছাম ফৰেষ্ট গ' বেক, বন বিভাগ মূৰ্দাবাদ, খিলঞ্জীয়াৰ ওপৰত দাদাগিৰি নচলিব, আমাক নামঘৰ লাগিবই আদি বিভিন্ন শ্লোগানেৰে সৃষ্টি কৰে উত্তাল পৰিৱেশ ৷

লগতে চাওকঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ আছু নেতৃত্বৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.