ETV Bharat / state

Assam health sector: তলা ওলমাই অভিলেখ সৃষ্টি কৰিছে লখিমপুৰৰ এটা স্বাস্থ্য কেন্দ্ৰই

author img

By

Published : Jun 4, 2023, 5:15 PM IST

লখিমপুৰৰ এটা স্বাস্থ্য কেন্দ্ৰৰ পঁয়ালগা স্বৰূপ (Health center in Lakhimpur) ৷ সপ্তাহটোৰ 6 টা দিনেই কেন্দ্ৰটোত উপস্থিত নাথাকে স্বাস্থ্যকৰ্মী ৷ ফলত সামান্য চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় ৰাইজে ৷

Assam health sector
Assam health sector

সপ্তাহটোত 6 দিনেই নাথাকে স্বাস্থ্যকৰ্মী

লখিমপুৰ, 4 জুন: প্ৰকৃততে কিমান উন্নয়ন হৈছে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ? চৰকাৰে ঢাক-ঢোল কোবাই ঘোষণা কৰাৰ দৰে আগবাঢ়িছেনে ৰাজ্যৰ স্বাস্থ্য খণ্ড ? ৰাজ্যৰ স্বাস্থ্য বিভাগৰ কিছু ছবি পোহৰলৈ অহাৰ পাচত এনে বহু প্ৰশ্নই সম্প্ৰতি উত্থাপন হৈছে ৷

কাৰণ লখিমপুৰ জিলাৰ এটা স্বস্থ্য কেন্দ্ৰৰ ছবি দেখিলে আচৰিত হ’ব আপুনি ৷ আপুনি ভাবিবলৈ বাধ্য হ’ব যে চিকিৎসা মহাবিদ্যলয় স্থাপনৰ ব্যাপকতা কেৱল চমক সৃষ্টিৰ বাবেহে নেকি ! উল্লেখ্য যে, জিলাখনৰ সোৱণশিৰি নদীপৰীয়া অঞ্চলৰ স্বাস্থ্য কেন্দ্রত অধিকাংশ সময়েই ওলমি থাকে তলা ৷ সপ্তাহটোৰ এদিনমানহে ৰাইজে দেখা পায় চিকিৎসক অথবা স্বাস্থ্যকৰ্মীৰ মুখ (Irregular health worker in Lakhimpur) ৷

যাৰ বাবে এতিয়া অঞ্চলটোৰ ৰাইজে সন্মুখীন হৈছে ব্যাপক সমস্যাৰ ৷ সামান্য এটা টেবলেটৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে ৰাইজে ৷ চৰকাৰে যিমানেই স্বাস্থ্য খণ্ডৰ উন্নয়নৰ কথা নকওক, ৰাজ্যৰ অধিকাংশ গ্ৰামাঞ্চলতো কিন্তু সুলভ স্বাস্থ্য কেন্দ্ৰসমূহৰ এনে দৃশ্য ৷

সোৱণশিৰি নদীপৰীয়া কপাক চাপৰি স্বাস্থ্য কেন্দ্রৰটোৰ ক্ষেত্ৰতো ৰাইজে তুলিছে একেই অভিযোগ ৷ কেন্দ্ৰটোলৈ নাহে স্বাস্থ্য বিষয়া লগতে স্বাস্থ্যকৰ্মী ৷ ফলত সামান্য অসুখ হ’লেও দূৰৱৰ্তী অঞ্চললৈ ঢাপলি মেলিব লগা হয় ৰাইজে ৷ বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ বিষয়টো অৱগত কৰাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে (Health condition of Lakhimpur) ৷

কেন্দ্ৰটোৰ দায়িত্বত থকা নাৰ্চগৰাকীও সপ্তাহটোত এদিনহে আহে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷ প্ৰায় 5-6খন গাঁৱৰ ৰাইজৰ একমাত্ৰ ভৰসাৰ স্থল এই স্বাস্থ্য কেন্দ্ৰটো ৷ কিন্তু এই স্বাস্থ্য কেন্দ্রৰ চি এইচ অ’ গৰাকীক ৰাইজে চিনিয়েই নাপায় বুলিও মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত ।

চিকিৎসা কৰ্মীক নোপোৱাৰ বাবে এই অঞ্চলৰ ৰাইজে সামান্য বেমাৰ হ’লে যাব লাগে সোৱণশিৰি নদী পাৰহৈ লখিমপুৰ মেডিকেল কলেজলৈ । যাৰ বাবে স্বাস্থ্য সেৱাৰ নামত এই অঞ্চলৰ ৰাইজে হাবাথুৰি খাবলগীয়া হৈছে । সেইবাবে বিভাগীয় কৰ্তৃপক্ষক কৰ্মচাৰীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়ক: World Bicycle Day: বিশ্ব চাইকেল দিৱসৰ দিনা চৰ্চালৈ এখন বিশেষ চাইকেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.