ETV Bharat / state

বানৰ পিচত চহৰা পোকৰ আক্ৰমণত শংকিত লখিমপুৰৰ কৃষক

author img

By

Published : Aug 20, 2020, 6:20 PM IST

বানৰ পিচত চহৰা পোকৰ তাণ্ডৱত শংকিত লখিমপুৰবাসী ৷ ঠন ধৰি উঠা ধান সমূহত পোকে আক্ৰমণ কৰাত বৰ্তমান ধান খেতি সমূহ নষ্ট হবলৈ ধৰিছে ৷ জিলাখনৰ কৃষি বিভাগৰ কাৰ্যালয়ত পৰ্যাপ্ত পৰিমাণৰ কীটনাশক দ্ৰব্য আছে যদিও কৰ্মচাৰীৰ অভাৱত কৃষকৰ মাজত বিতৰণ কৰিব নোৱাৰাৰ অভিযোগ উখাপন হৈছে ৷

Poor farmer in Lakhimpur insect attack after the monkey
বানৰ পিচত চহৰা পোকৰ আক্ৰমণত শংকিত লখিমপুৰৰ কৃষক

নাওবৈচা, 20 আগষ্ট : সোৱণশিৰি, ৰঙানদী, শিঙৰা, ডিক্ৰং, দ্ৰোপাং, বোকানদী আৰু পাভকে ধৰি নদী-উপনদীৰ সংহাৰী বানে লখিমপুৰ জিলাখনৰ দৰিদ্ৰ কৃষক সকলৰ খেতি বিধ্বস্ত কৰাৰ পিচত আকৌ ভূতৰ ওপৰত দানৱ পৰাদি শেহতীয়াকৈ ৰোপন কৰা হাজাৰ-হাজাৰ বিঘা সজাল ধৰা শালি খেতিত চহৰা পোকে আক্ৰমন কৰাত বৰ্তমান কৃষকৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে ৷

জানিব পৰা মতে, জিলাখনৰ কৃষক সকলৰ এই দুৰ্যোগৰ সময়ত বিয়াগোম কৃষি বিভাগৰ তৰফৰ পৰা কৃষক সকলক সহায় কৰিব লাগিছিল যদিও বিভাগটোৰ কৰ্মচাৰীৰ অভাৱত সহায় কৰিব নোৱাৰাৰ অভিযোগ উখাপন হৈছে ৷ হাজাৰ হাজাৰ বিঘা কৃষিভূমিত চহৰা পোকে আক্ৰমণ কৰা পিচতো আজিকোপতি কৃষি বিভাগে এই পোকসমূহ ধ্বংস কৰাৰ বাবে কর্মচাৰীৰ অভাৱত তাৎক্ষণিক পদক্ষেপ ল'ব নোৱাৰি থমকি ৰব লগা হৈছে । কেৱল জিলা কৃষি বিভাগে কৃষকসকলৰ মাজত 1400 লিটাৰ কীটনাশক যোগান ধৰিয়ে দায়িত্ব সামৰিব লগা হৈছে ।

জিলা কৃষি বিভাগৰ পৰা জানিবলৈ দিয়া অনুসৰি, জিলাখনৰ ঢকুৱাখনা,উত্তৰ লখিমপুৰ আৰু নাৰায়ণপুৰকে ধৰি তিনিটা কৃষি মহকুমাৰ অধীনস্থ প্রায় 365 খন গাঁৱৰ 11250 বিঘা শালি খেতিত চহৰা পোকে আক্রমণ কৰিছে । ইয়াৰে 2550 বিঘা কৃষিভূমিত কৃষক সকলে নিজাববীয়াকৈ কীটনাশক 'স্প্ৰে' কৰাৰ বিপৰীতে কৃষি বিভাগৰ পৰা 8700 বিঘা কৃষিভূমিৰ বাবে 1400 লিটাৰ কীটনাশক কৃষক সকলক যোগান ধৰিছে ।

আনহাতে, জিলাখনত পোকৰ এই উপ্ৰদৱ নিৰীক্ষণ কৰিব বাবে বিশেষজ্ঞ সমিতি গঠন কৰাৰ পিচতো কৃষকৰ সমস্যা সমাধান নোহোৱাৰ অভিযোগ উখাপন হৈছে । ইপিনে, জিলা কৃষি বিভাগত বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ কীটনাশক জমা থকাৰ পিচতো বিষয়া-কৰ্মচাৰীৰ অভাৱত কৃষকৰ মাজত বিতৰণ কৰিব নোৱাৰাৰ অভিযোগ উখাপন হৈছে ৷ ইফালে, জিলা কৃষি বিভাগৰ অধীনৰ তিনিটা কৃষি মহকুমা চোৱাচিতা কৰিবৰ বাবে 101 জন কৃষি সম্প্ৰসাৰণ সহায়ৰ প্ৰয়োজন যদিও বর্তমান 30 ৰ পৰা 35 জন কৰ্মচাৰীয়ে জিলাখনৰ কামকাজ কৰিবলগীয়া হোৱাত যথেষ্ট সমস্যাৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, জিলাখনত সংহাৰী বানৰ লগতে খৰাং সদৃশ পৰিৱেশে হাজাৰ হাজাৰ বিঘা শালি খেতি ক্ষতিসাধন কৰাৰ পিচত শেহতীয়াকৈ এই চহৰা পোকৰ আক্ৰমণত কৃষকসকলে ৰোপণ কৰা শালি খেতিসমূহ নষ্ট হোৱাত কৃষকৰ আশাত চেঁচা পানী পৰিছে । জিলাখনৰ নাওবৈচা কৃষি চক্ৰৰ অধীনস্থ বঙলাচুক, ৰহালী, পেৰাভাৰী, ৰৌদোং, বিলাতীয়া, খলিহামাৰী, পোতাবিল, ৰঙাপানী,ৰঙাপথাৰ, বৰগঞা, বালিজান, টকোগুৰিকে ধৰি শতাধিক গাঁৱৰ শ-শ বিঘা কৃষিভূমি এই চহৰা পোকে আক্ৰমণ কৰাত বৰ্তমান সেউজীয়া ৰঙৰ পৰিবৰ্তে মুগা বৰণীয়া হৈ পৰিছে । লগতে বহু গেৰ ধৰা ধাননি পথাৰত ধানৰ গেৰসমুহ কুটি ধ্বংস কৰাত ৰাইজৰ হাঁহাকাৰ কৰি থাকিবলগীয়া হৈছে ।

উল্লেখ্য যে, কৃষি বিভাগলৈ বিভিন্ন অভিলাষী আঁচনিৰ জৰিয়তে আবন্টিত হোৱা কোটি কোটি টকা একাংশ চৰকাৰী বিষয়া, কৰ্মচাৰী, দালাল আদি লুণ্ঠনকাৰী চক্ৰই হৰলুকি কৰাৰ বাবে বৰ্তমান জিলাখনৰ দৰিদ্ৰ কৃষক সকলৰ অৱস্থা অধিক সংকটজনক হৈ পৰাৰ অভিযোগ উখাপন হৈছে ৷

লগতে পঢ়ক : অসমীয়া পৰম্পৰা জীয়াই ৰখাৰ কাকপথাৰবাসীৰ অনন্য প্ৰয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.