ETV Bharat / state

হাবি-জংঘলেৰে ভৰি পৰিছে গোহাঁইপুখুৰী পশু চিকিৎসা কেন্দ্ৰ - gohainpukhuri veterinary hospital

নাৰায়ণপুৰৰ দক্ষিণাঞ্চলৰ গোহাঁইপুখুৰী পশু চিকিৎসা কেন্দ্ৰ এতিয়া ভূতবাংলাত পৰিণত হৈছে ৷ বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ পৰিণতিত সম্প্ৰতি হাবি-জংঘলেৰে ভৰি পৰিছে চিকিৎসা কেন্দ্ৰটো । দৰৱৰ নামত ফুটাকৰি এটাও পাবলৈ নাই চিকিৎসা কেন্দ্ৰটোত ।

হাবি-জংঘলেৰে ভৰি পৰিছে গোহাঁইপুখুৰী পশু চিকিৎসা কেন্দ্ৰ

author img

By

Published : May 31, 2021, 9:59 PM IST

বিহপুৰীয়া, 31 মে' : নাৰায়ণপুৰৰ দক্ষিণাঞ্চলৰ গোহাঁইপুখুৰী পশু চিকিৎসা কেন্দ্ৰ এতিয়া ভূতবাংলাত পৰিণত হৈছে ৷ বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ পৰিণতিত সম্প্ৰতি হাবি-জংঘলেৰে ভৰি পৰিছে চিকিৎসা কেন্দ্ৰটো । দৰৱৰ নামত ফুটাকৰি এটাও পাবলৈ নাই চিকিৎসা কেন্দ্ৰটোত । ফলত পশুধনৰ চিকিৎসা সেৱাৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত হৈ আহিছে বৃহত্তৰ অঞ্চলটোৰ দহ খনৰো অধিক গাঁৱৰ কৃষক ৰাইজ ।

হাবি-জংঘলেৰে ভৰি পৰিছে গোহাঁইপুখুৰী পশু চিকিৎসা কেন্দ্ৰ

পশুধনৰ সামান্য অসুখ হ'লেই অঞ্চলটোৰ লোক সকলে চিকিৎসাৰ বাবে হাবাথুৰি খাবলগীয়া হয় ৷ দুৰ্ভাগ্যজনক কথা যে চিকিৎসা কেন্দ্ৰটোত দুগৰাকী কৰ্মচাৰী নিয়োজিত হৈ আছে যদিও মাহটোত এদিনো পশু চিকিৎসা কেন্দ্ৰটোত উপস্থিত নাথাকে ৷

স্থানীয় লোকে সদৰি কৰা মতে বিগত সময়ছোৱাত বৃহত্তৰ অঞ্চলটোত বহু সংখ্যক পশুধন চিকিৎসাৰ অভাৱত মৃত্যু মুখত পৰিব লগা হৈছে । যাৰ ফলস্বৰূপে সম্প্ৰতি পশু চিকিৎসা কেন্দ্ৰটো পুনৰ কাৰ্যক্ষম কৰি তুলিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন নৱনিৰ্বাচিত চৰকাৰ খনৰ প্ৰতি আহ্বান জনাইছে অঞ্চলটোৰ দুৰ্ভগীয়া কৃষক ৰাইজে ৷

লগতে পঢ়ক: জনাঞ্চললৈ ওলাই আহিল এজাক বন্যহস্তী, তাৰ পাছত...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.