ETV Bharat / state

প্ৰাৰ্থীৰ নাম নোলোৱাকৈয়ে প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 24, 2021, 7:25 PM IST

Updated : Mar 24, 2021, 8:24 PM IST

বিহপুৰীয়া সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ড৹ অমিয় কুমাৰ ভূঞাৰ লগতে উত্তৰ অসমৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বৰখামতি পথাৰত আয়োজন কৰা বিজয় সংকল্প সমাৰোহত বুধবাৰে অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে সভাত প্ৰাৰ্থীৰ নাম ল'বলৈকে পাহৰি থকা কথাটোৱে হাস্যৰসৰ সৃষ্টি কৰিছে ৷

প্ৰাৰ্থীৰ নাম নোলোৱাকৈয়ে নিৰ্বাচনী প্ৰচাৰ প্ৰধানমন্ত্ৰী মোদীৰ

বিহপুৰীয়া,24 মাৰ্চ: নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে বুধবাৰে নাৰায়ণপুৰত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ বিহপুৰীয়া সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ড৹ অমিয় কুমাৰ ভূঞাৰ লগতে উত্তৰ অসমৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বৰখামতি পথাৰত আয়োজন কৰা বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰে মোডীয়ে ৷ ভাষণ প্ৰসংগত কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি লোৱা মোডীয়ে কংগ্ৰেছৰ মহাজোঁটক মহাঝুথ আখ্যা দিলে ঠিকেই কিন্তু সভাত প্ৰাৰ্থীৰ নাম ল'বলৈকে পাহৰি থাকিলে ৷ আনকি প্ৰাৰ্থীসকলক ভোট দিবলৈও এবাৰো নক'লে নকলে উপস্থিত ৰাইজক ৷ এই কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰাৰ লগতে হাস্যৰসৰ সৃষ্টি কৰিছে ৷

প্ৰাৰ্থীৰ নাম নোলোৱাকৈয়ে প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

উল্লেখ্য যে, বিহপুৰীয়া সমষ্টিত নিৰ্মাণ হৈ থকা মাধৱদেৱ কলাক্ষেত্ৰ, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপৰিও কাজিৰঙাক ৰক্ষা কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ কিন্তু সমষ্টিবাসীৰ ওচৰত বিশেষ কোনো ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান নকৰাকৈ নতুনত্বহীন এক ভাষণেৰে সভাৰ পৰা বিদায় লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ইফালে, বিজেপিৰ কৰ্মকৰ্তাই লক্ষাধিক লোকৰ সমাৱেশ হোৱাৰ আশা কৰি দুই শতাধিক বাছ আৰু দুখনকৈ ৰেলেৰে সভাস্থলীলৈ বিভিন্ন স্থানৰ পৰা লোক অনাৰ ব্যৱস্থা কৰিছিল যদিও আশা কৰা ধৰণে কোনো ফল নাপালে ৷

লগতে পঢ়ক: মাহমৰাত মাণিক গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ লুৰিণৰ

Last Updated : Mar 24, 2021, 8:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.