লখিমপুৰ,৮ জুলাই: ৰাজ্যৰ বান পৰিস্থিতি তথা খহনীয়া প্ৰতিৰোধৰ বাবে কিদৰে কামৰ অগ্ৰগতি হৈছে সেই সন্দৰ্ভত বুজ ল'বলৈ ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ঘূৰিছে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা । শনিবাৰে বিয়লিভাগত লখিমপুৰত উপস্থিত হয় মন্ত্ৰীগৰাকী । লখিমপুৰত উপস্থিত হৈ জলসম্পদ মন্ত্ৰীগৰাকীয়ে নাওবৈচাত শিঙৰা নৈয়ে ছিঙা মথাউৰি ৰ অংশ পৰিদৰ্শন কৰে ।
মথাউৰি পৰিদৰ্শন কৰি হাজৰীকাই সংবাদিকৰ আগত আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ কয় যে, বান খহনীয়াৰে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে তৎপৰতাৰে কাম কৰি আছে । সংকট জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰে জলসম্পদ বিভাগক পৰ্যাপ্ত আৰ্থিক অনুদান আগবঢ়াইছে । বিগত সময়ত চৰকাৰে জলসম্পদ বিভাগক পাচ শ, ছশ কোটি টকা আৱন্টন দিছিল । কিন্তু বৰ্তমানৰ ৰাজ্য চৰকাৰে জলসম্পদ বিভাগক ১৫ শ, ১৬ শ কোটি টকা আৱন্টন দিছে । যাৰ বাবে ৰাজ্যত মথাউৰি ছিগাৰ সংখ্যা হ্ৰাস পাইছে বুলি তেওঁ উল্লেখ কৰে ।
চলিত বৰ্ষা কালত ৰাজ্যত মাথো তিনিটাহে মথাউৰি ছিঙিছে বুলি উল্লেখ কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ কয় যে, ৰাজ্য চৰকাৰে পৰ্যাপ্ত পুঁজি দিয়াৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে তৎপৰতাৰে কাম কৰি আছে । জিলাৰ উপায়ুক্তসকলেও গুৰুত্ব সহকাৰে কাম-কাজ তদাৰক কৰিছে । চৰকাৰে কাৰ্পণ্য নকৰাকৈ জলসম্পদ বিভাগলৈ প্ৰয়োজনীয় সা-সামগ্রী যোগান ধৰিছে ।
যাৰ বাবে বিগত সময় বোৰৰ তুলনাত এতিয়া মথাউৰি ছিগাৰ সংখ্যা বহু কম হৈছে বুলি উল্লেখ কৰি তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে, চৰকাৰ বা মন্ত্রী ভগৱান নহয় । মথাউৰি নাভাগে বুলি কব নোৱাৰি । কিন্তু মথাউৰি নাভাগিবলৈ লোৱা প্ৰচেষ্টা বা মথাউৰি ছিগাৰ পাছত লব লগীয়া ব্যৱস্থা সন্দৰ্ভত চৰকাৰে মুঠেও কৃপণালি নকৰে । চৰকাৰৰ এনে পদক্ষেপ ৰ বাবেই বিগত সময়ৰ তুলনাত মথাউৰি ছিগাৰ পৰিমাণ যথেষ্ট হ্ৰাস পোৱা বুলি তেওঁ আত্মসন্তষ্টি প্ৰকাশ কৰে । মন্ত্রীগৰাকীৰ এই ভ্ৰমণ কালত জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱানসহ বিভাগীয় বিষয়া-কৰ্মচাৰীসকলেও অংশগ্রহণ কৰে ।
লগতে পঢ়ক: Erosion in Lakhimpur : লখিমপুৰত বানৰ সমানে খহনীয়াৰ তাণ্ডৱ, নিৰ্বিকাৰ জিলা প্ৰশাসন