নাওবৈচা, ৩ জুন : যিসময়ত শাসনাধিষ্ঠিত দলৰ নেতা-কৰ্মীয়ে চৰকাৰৰ আঠ বছৰীয়া কাৰ্যকালৰ খতিয়ান জিলাই জিলাই বিলাই ফুৰিছে, সেই সময়তে লখিমপুৰ জিলা নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত সাঁকোপাৰা অঞ্চলৰ জনসাধাৰণে চৰকাৰী অভিলাসী আঁচনিৰ পৰা বঞ্চিত হৈ দুৰ্বিষহ জীৱন অতিবাহিত কৰিব লগীয়া হৈছে (People in Naoboicha deprive of govt scheme) ।
পৰিৱৰ্তনৰ শ্ল'গানেৰে দুবাৰকৈ শাসনৰ বাঘজৰী হাতত লোৱা বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ দিনতে ৰাজ্যখনৰ বাট-পথৰ দুৰৱস্থাৰ ছবিখন দুখ লগাকৈ উন্মোচিত হৈছে । বছৰ বছৰ ধৰি গ্ৰামাঞ্চলটোৰ ৰাইজে ভগা বাঁহৰ দলঙেৰে যাতায়ত অব্যাহত ৰাখিছে যদিও এইবোৰলৈ চকু দিবলৈ আহৰি নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ ।
চৰকাৰৰ প্ৰবঞ্চনাৰ স্বাক্ষৰ বহন কৰি সাঁকোপাৰা অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ৱাহা নদীৰ ওপৰত থকা চাৰি ডাল লোহাৰ চিৰিয়ে ৰাইজক সুদীৰ্ঘ ৩০ বছৰে যমৰ যাতনা ভোগ কৰাইছে (Broken bridge in Naoboicha)।
স্থানীয় ৰাইজে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভৰত নৰহ, উন্নয়ন খণ্ড বিষয়া তথা গাঁও পঞ্চায়তত বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পাছতো নদীখনৰ ওপৰত থকা ভগ্ন লোহাৰ চিৰি কেইডাল আঁতৰাই এখন নতুন দলং নিৰ্মাণ কৰা নহ’ল সেই স্থানত । ভৰ বাৰিষাৰ কথা কল্পনাই কৰিব নোৱাৰি, খৰালিতো যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোক কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ।
লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাক অঞ্চলটো উন্নয়নৰ বাবে ৰাইজে বহুবাৰ অনুনয় বিনয় কৰিলে যদিও অঞ্চলটোলৈ কেৰাহিকৈও নোচোৱাৰ অভিযোগ সাংগদজনৰ বিৰুদ্ধে ৷ কেৱল নিৰ্বাচনৰ সময়ত চলাহী কথাৰে অঞ্চলটোৰ লোকসকলৰ পৰা ভোট আদায় কৰি নিৰ্বাচনৰ পিচত এবাৰলৈ হ’লেও সেই সকল লোকৰ কথা সাংসদজনে নাভাবিলে বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে ৷
বাঁহৰ দলং আৰু কেইদালমান লোহাৰ চিৰি স্থাপন কৰি আজিও গাঁৱৰ ৰাইজে বিপদসংকুল যাতায়ত অব্যাহত ৰাখিছে ৷ সেয়েহে সংবাদ মাধ্যমৰ আগত লোকসকলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি পথচোৱাৰ যাতায়ত ব্যৱস্থা সুচল কৰাৰ দাবী জনাইছে ৷ লগতে কি কাৰণে আজিও অঞ্চলটোৰ উন্নয়নৰ বাবে জনপ্ৰতিনিধি আৰু বৰ্তমানৰ বিজেপি নেতৃত্বতাধীন চৰকাৰখনে আওকণীয়া মনোভাৱ পোষণ কৰিছে তাৰো উত্তৰ বিচাৰিছে ৰাইজে ।
তদুপৰি যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা কৈ সাধাৰণ জনতাৰ মন মুহিব বিচাৰিছে সেই সময়ত সাঁকোপাৰা অঞ্চলৰ ৰাইজে কি ভুলৰ বাবে নৰক যাতনা ভুগিব লগীয়া হৈছে তাৰো উত্তৰ বিচাৰিছে অঞ্চলটোৰ সচেতন মহলে ৷
লগতে পঢ়ক : জেনেৰেটৰত তেল নাই; লখিমপুৰ মেডিকেল কলেজত প্ৰসূতিৰ মৃত্যু