ETV Bharat / state

সুৰ হেৰুৱালে লখিমপুুৰৰ সুৰজিতে..

author img

By

Published : Aug 26, 2020, 4:57 PM IST

লখিমপুৰ জিলাৰ অন্তৰ্গত হাৰমতীৰ এটা অসহায় পৰিয়াল ৷ পুত্ৰৰ চিকিৎসাৰ বাবে তেওঁলোকে সম্প্ৰতি বিচাৰিছে আপোনাৰ এধানি সহায়ৰ হাত ৷

হাৰমতীৰ এটা পৰিয়াল
হাৰমতীৰ এটা পৰিয়াল

বিহপুৰীয়া, 26 আগষ্ট: গীটাৰৰ ষ্ট্ৰীঙত সুৰৰ লহৰ তোলা হাৰমতীৰ সুৰজিৎ বিশ্বাস এতিয়া ভাগৰুৱা ৷ গীটাৰখনত আঙুলি বুলাবলৈও যেন এতিয়া শক্তি নাই সুৰজিতৰ, কণ্ঠতো নাই জোৰ ৷ কিন্তু সেই কণ্ঠৰেই প্ৰায় দুবছৰ আগলৈকে বন্ধুৰ আড্ডা জীপাল কৰি তুলিছিল ২৫ বছৰীয়া সুৰজিতে ৷ সেই প্ৰতিভাশালী যুৱকগৰাকী সম্প্ৰতি শয্যাগত ৷ দুয়োটা কিডনী বিকল হৈ পৰা সুৰজিতৰ পৰিয়ালো সম্প্ৰতি নিৰুপায় ৷ কিয়নো ৪ বছৰ পূৰ্বে ৰক্তচাপ জনিত কাৰণত সুৰজিতৰ পিতৃ শয্যাশায়ী হোৱাৰ পাচৰে পৰাই যুৱকগৰাকীয়ে নিজ পিতৃৰ বাদ্যযন্ত্ৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন চলাই উপাৰ্জনৰ পথ মোকলাইছিল ৷

এধানি সহায়ৰ অপেক্ষাত হাৰমতীৰ এটা পৰিয়াল

কিন্তু সম্প্ৰতি সুৰজিতো শয্যাশায়ী হোৱাৰ পাচৰে পৰা আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে পৰিয়ালটো ৷ বৰ্তমান সুৰজিতৰ মাতৃয়ে ব্যৱসায়িক প্ৰতিষ্ঠানখন চোৱাচিতা কৰি আছে যদিও, লক্ ডাউনৰ প্ৰভাৱত প্ৰায় বন্ধ হৈ পৰাৰ দৰেই হৈছে তেওঁলোকৰ একমাত্ৰ উপাৰ্জনৰ থলখন ৷ আনহাতে একমাত্ৰ পুত্ৰক সুস্থ কৰি তোলাৰ স্বাৰ্থত পৰয়ালটোৱে পাৰ্যমানে চেষ্টা কৰিছে যদিও, সফল হ'ব পৰা নাই তেওঁলোক ৷ লখিমপুৰৰ পৰা গুৱাহাটী, দিল্লী, চেন্নাই পৰ্যন্ত সকলো ঠাইতে চিকিৎসা কৰিও বিফল হোৱা পৰিয়ালটোক পুত্ৰক সুস্থ কৰি তোলাৰ বাবে সম্প্ৰতি প্ৰয়োজন বহু লক্ষাধিক টকাৰ লগতে, বৃক্কদাতাৰ ৷ হাতত বৰ্তমান ন্যূনতম আৰ্থিক সম্বলো নথকা উপায়ন্তৰ পৰিয়ালটোৱে নিজ পুত্ৰক পুনৰ সুস্থ কৰি তোলাৰ স্বাৰ্থত চৰকাৰৰ লগতে কোনো হৃদয়বান লোকৰ অকণমান সহায়ৰ হাত বিচাৰি উচুপি উঠিল কেমেৰাৰ সস্মুখত ৷ যদি কোনো লোকে পৰিয়ালটোৰ মুখত পুনৰ হাঁহি বিৰিঙাব বিচাৰে তেন্তে গোহাঁইপুখুৰী SBI শাখাৰ একাউণ্ট নম্বৰ, SBIN0009434 IFSCত সুৰজিৎ বিশ্বাসৰ নামত কিছু আৰ্থিক সহায় প্ৰদান কৰিব পাৰে ৷

লগতে পঢ়ক: ৬ মাহৰ বাবে অসমক পুনৰ 'অশান্ত অঞ্চল' ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.