ETV Bharat / state

পৰাগ কুমাৰ দাসৰ 60 সংখ্যক জন্মদিন উদযাপন - পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চ

পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত উদযাপন কৰা হ'ল পৰাগ কুমাৰ দাসৰ 60 সংখ্যক জন্মদিন ৷ নাওবৈচাত গোঁসানীবাৰী যুৱ সংঘ আৰু স্থানীয় ৰাইজৰ সহযোগত গোঁসানীবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে দাসৰ ৬০ সংখ্যক জন্ম দিৱস উদযাপন ৷

নাওবৈচাত পৰাগ কুমাৰ দাসৰ 60 সংখ্যক জন্মদিন উদযাপন

author img

By

Published : Feb 25, 2021, 11:24 AM IST

নাওবৈচা,25 ফেব্ৰুৱাৰী: নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ জীৱন পৰিক্ৰমাৰ বিষয়ে সাধাৰণ জনতাৰ লগতে নৱ প্ৰজন্মক অৱগত কৰাৰ লক্ষ্যৰে পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চই প্ৰত্যেক বছৰৰ দৰে এইবছৰো পৰাগ কুমাৰ দাসৰ জন্ম দিৱস উদযাপন কৰে ৷ পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চই গোঁসানীবাৰী যুৱ সংঘ আৰু স্থানীয় ৰাইজৰ সহযোগত নাওবৈচাৰ বান বিধস্ত গোঁসানীবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে পৰাগ কুমাৰ দাসৰ 60 সংখ্যক জন্ম দিৱস পালন কৰে ৷

পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত উদযাপন কৰা হ'ল পৰাগ কুমাৰ দাসৰ 60 সংখ্যক জন্মদিন উদযাপন

নাওবৈচা প্ৰেছ ক্লাবৰ উপদেষ্টা উমানন্দ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন সাংবাদিক নিতুল বৰাই উদ্বোধন কৰে ৷ বৰাই ভাষণ প্ৰসংগত প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ নিৰ্ভীকতা তথা আপোচহীন আৰু সবল যুক্তিৰে আৰম্ভ কৰা সংগ্ৰামৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰযন্ত্ৰই অসমীয়া জাতিৰ আপোচবিহীনতাৰ ধাৰাটোক হত্যা কৰি পেলোৱা বুলি মন্তব্য কৰে ৷ নতুন প্ৰজন্মই পৰাগ দাসৰ নীতি আদর্শক পুনৰ প্ৰতিষ্ঠা কৰি এখন স্বাৱলম্বী স্বাধীন অসম গঢ়ি তুলিব লাগিব বুলিও উল্লেখ কৰে ৷

সভাখনত বিশিষ্ট অতিথি হিচাপে যোৰহাটৰ সাংবাদিক উৎপল বৰাই "স্বাধীন অসমৰ প্ৰবক্তা পৰাগ দাসৰ সাম্প্ৰতিক সময়ত প্ৰাসংগিকতা" শীৰ্ষক আলোচনাচক্ৰত অংশগ্ৰহণ কৰি কয় যে, দিল্লীয়ে ভগবান, দিল্লীয়ে সকলো বুলি ভবাসকলে সেই সময়ত পৰাগ দাসক আলফা বুলি ভাবি তেওঁৰ ধ্যান ধাৰণাক আলফাৰ লগত সম্পৰ্ক বুলি ভুৱা প্ৰচাৰ চলাইছিল ৷ কিন্তু পৰাগ দাস আলফাৰ কোনো প্ৰৱক্তা নাছিল ৷ কেৱল আলফাৰ তাত্বিক দিশটোৰ কথাহে কৈছিল আৰু আলফাৰ প্ৰতিটো শুদ্ধ-অশুদ্ধৰ কথা তেওঁ মুকলিকৈ কলমৰ দ্বাৰা অসমৰ জনগণৰ আগত দাঙি ধৰিছিল ৷

পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চৰ সম্পাদক গাম্ভীৰ্য দত্তই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি ৰূপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সম্পাদক ৰাহুল ছেত্ৰী, জেষ্ঠ সাংবাদিক কুমুদ শইকীয়া, সমাজকৰ্মী পুতলী কায়স্থ, শিক্ষক নীলমণি বৰা উপস্থিত থাকে ৷

লগতে পঢ়ক: চিকিৎসা ব্যৱসায় নহয়, এয়া এক সেৱাহে: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.