নাওবৈচা,৪অক্টোবৰ : লখিমপুৰত ব্যতিক্ৰমী চিন্তাৰে স্থাপন হ’ল প্ৰথমটো পথৰ পুথিভঁৰাল ৷ গ' গ্ৰীণ অৰ্গেনাইজেচন স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ উদ্যোগত লোৱা এই পদক্ষেপটো খুবেই প্ৰশংসনীয় ৷ নৱপ্ৰজন্মৰ যুৱক-যুৱতীৰ লগতে পথচাৰীসকলৰ মাজত কিতাপ পঢ়াৰ মানসিকতা বৃদ্ধি কৰাৰ লক্ষ্যৰে লখিমপুৰ মহাবিদ্যালয়ৰ(স্বায়ত্ব) কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীৰ প্ৰচেষ্টাৰ ফলত দেওবাৰে লখিমপুৰত স্থাপন হয় প্ৰথমটো পথৰ পুথিভঁৰাল ৷ লখিমপুৰ মহাবিদ্যালয়(স্বায়ত্ব) চাৰিআলিৰ পথৰ দাঁতিত স্থাপিত এই পথৰ পুথিভঁৰালটোৰ দেওবাৰে দ্বাৰ মুকলি কৰা হয়।
![ব্যতিক্ৰমী চিন্তাৰে লখিমপুৰত প্ৰথমটো পথৰ পুথিভঁৰাল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9045688_image.jpg)
উল্লেখ্য যে, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰবক্তা নিপন পাংগিঙে এক মাংগলিক পৰিবেশত পুথিভঁৰালটো পঢ়ুৱৈ সমাজৰ বাবে মুকলি কৰে। ইপিনে লখিমপুৰ সাহিত্য সভাৰ কাৰ্যনিবাহক সদস্য তথা সমাজকৰ্মী গোলাপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত দ্বাৰা মুকলি অনুষ্ঠানত শিক্ষক নীলমণি বৰাকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ।
যোৰহাটৰ অ'গ্ৰীণ অৰ্গেনাইজেচন নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ উদ্যোগত তথা লখিমপুৰ জিলা শাখাৰ সহযোগত লখিমপুৰ নগৰত পোন প্ৰথম বাৰৰ বাবে পথৰ পুথিভঁৰাল স্থাপনৰ পদক্ষেপক জিলাখনৰ সচেতন লোক সকলে শলাগ লোৱাৰ লগতে পুথিভঁৰালটোৰ পৰা বহু পঢ়ুৱৈ লাভাৱান্বিত হ’ব বুলি আশা কৰিছে।
গ'গ্ৰীণ অৰ্গেনাইজেচন লখিমপুৰ শাখা তত্বাৱধায়ক নিকুঞ্জৰঞ্জন বৰা আৰু লখিমপুৰ মহাবিদ্যালয় ছাত্ৰী কৌমোডী দেৱীয়ে অনুষ্ঠানটো আঁত ধৰে । স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে সমগ্ৰ অসমতে একপ্ৰকাৰৰ গ্ৰন্থপ্ৰীতি আন্দোলন জন্ম দিয়াৰ বাবেই প্ৰথম পদক্ষেপ হিচাপে লখিমপুৰত এই পুথিভঁৰালটো স্থাপন কৰা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।
লগতে পঢ়ক: পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ