নাওবৈচা ,১৯মাৰ্চ: অসম বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত আছে মাত্ৰ ৭ টা দিন ৷ এই সময়তে ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ পৰিছে উত্তৰ অসমৰ অন্যতম সমষ্টি ১১০ নং নাওবৈচা সমষ্টি ৷ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে সমষ্টিটো দখল কৰাৰ বাবে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবৰ বাবে নিজ-নিজ ৰণকৌশল ৰচনা কৰিছে । এইবাৰ সমষ্টিটোৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানে সমষ্টিটো নিজ দখলত ৰাখিবৰ বাবে উঠি-পৰি লাগিছে ।
সমষ্টিটোত নিবাৰ্চনৰ সময়ত নিৰ্ণায়ক ভূমিকা পালন কৰাৰ বাবে প্ৰায় ৮৫ হাজাৰ সংখ্যালঘু ভোটাৰ ৰাইজক নিজৰ দখলত ৰখাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু সংখ্যালঘু ৰাইজেও আজিজুৰ ৰহমানক সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে । শুকুৰবাৰে বিয়লি কোনো ষ্টাৰ কেম্পেনাৰ নোহোৱাকৈয়ে ৰাইজৰ দলে আয়োজন কৰা এখন নিৰ্বাচনী সভা পৰিণত হয় জন-সমুদ্ৰত । নাওবৈচাৰ বৰছলা হাই মাদ্ৰাছা খেলপথাৰত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী সভাখনত অগণন লোকে ভিৰ কৰেহি ।
অন্য এক খবৰৰ বাবে: অসমত দেশৰ হাইপ্ৰফাইল নেতাৰ সমাগম