নাওবৈচা, ২৭ অক্টোবৰঃ লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত বিলতীয়া গাৱঁৰ মধ্যস্থলত অতি ঘন বসতি প্ৰধান অঞ্চলৰ নাওবৈচাৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰৰ স্বৰূপ নাওবৈচা নাট্য সমাজৰ সন্মুখত পংকজ গগৈৰ নামৰ এজন ব্যক্তিয়ে এখন ৱাইন বাৰ খোলাক কেন্দ্ৰ কৰি অঞ্চলবাসীৰ মাজত তীব্ৰ যোৱা এমাহে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে । কিয়নো ৱাইন বাৰ খোলাৰ নাতিদূৰৈত বিভিন্ন ধৰ্মীয় অনুষ্ঠান যেনে নামঘৰ, গোসানী থান, শিক্ষানুষ্ঠান, অংগনবাদী কেন্দ্ৰকে ধৰি বহু ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান আছে ৷ গ্ৰাম্য অঞ্চলটোত উক্ত ৱাইন বাৰ খন খোলাৰ লগে লগে ইতিমধ্যে অঞ্চলটোত বহু অপ্ৰীতিকৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে। সামাজিক পৰিবেশ বিনষ্ট হোৱাৰ উপৰিও সহজতে মদ কিনাৰ সুবিধা পালে উঠি অহা নৱ প্ৰজন্ম ধংস দিশে গতি কৰিব। ইয়াকে লৈ নাওবৈচা সচেতন লোক তথা অঞ্চলটোৰ অগ্ৰণী তিনি মহিলা গ্ৰাম্য সংগঠন ক্ৰমে ৰেঙণি, সুৰুযমূখী আৰু মুলাগাভৰু নেতৃত্বত নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থা, নাওবৈচাৰ নাট্য সমাজ, বিলতীয়া, ৰহালী, লখিমী, কাড়ী দৰঙীয়া সমীপৱৰ্তী গঞা ৰাইজৰ সহযোগত ৱাইন বাৰখন বন্ধ কৰাৰ দাবীৰে আজি নাওবৈচা নাট্য সমাজৰ ৰংমঞ্চত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়।
স্থানীয় সমাজকৰ্মী শৈলেন শইকীয়া সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকি জনস্বার্থ সংগ্ৰাম সমিতিৰ সভাপতি দিলীপ কাকতিয়ে ৱাইন বাৰ খন খোলাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, নাওবৈচা দৰে ঐতিহ্যমণ্ডিত অঞ্চলত এনেদৰে কোনো চৰকাৰী নীতি নিয়ম নামনি ৱাইন বাৰ খুলি নৱ প্ৰজন্মকে ধংসৰ গৰাহলৈ ঠেলি দিয়া নাই কালিমা সানিছে নাওবৈচা সোণালী ইতিহাসক সেইহে অতি শীঘ্ৰে ৱাইন বাৰখন বন্ধ কৰিব লাগে নহ’লে অঞ্চলটোৰ সকলো মহিলা-সচেতন ৰাইজ একগোট হৈ এই ক্ষেত্ৰত জংগী আন্দোলন গঢ়ি তুলিব বুলি সভাত বক্তব্য ৰাখে। সভাখনত অংশ গ্ৰহণ কৰি শিক্ষক হৰেন গগৈয়ে কয় নাওবৈচাৰ জনাঞ্চলত এনেদৰে ৱাইন বাৰ খুলিবলৈ কিহৰ যুক্তিত আৱকাৰী বিভাগে অনুজ্ঞাপত্ৰ প্ৰদান কৰিলে সেইক্ষেত্ৰত বিভাগটোৰ ওপৰটো ৰাইজে এক বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে মন্তব্য প্ৰকাশ কৰে।
আনহাতে ৱাইন বাৰখন বন্ধ কৰিবলৈ মহিলা সংগঠনকেইটাই জিলা উপায়ুক্ত আৰু আৱকাৰী বিভাগৰ অধীক্ষক স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও আজিলৈকে বাৰখন বন্ধ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যদিহে জিলা প্ৰশাসনে উক্ত ৱাইন বাৰখন ২৪ ঘণ্টাৰ ভিতৰত বন্ধ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ লগতে মহিলা সকলে নাওবৈচা ৰাজহ চক্ৰ কাৰ্যলয়ত বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিব বুলি আজিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰে।
লগতে পঢ়কঃ মিঞা সংগ্ৰহালয় সন্দৰ্ভত কি ক'লে লুৰীণজ্যোতি গগৈয়ে ?