ETV Bharat / state

নাওবৈচা ফুলবাৰী পঞ্চায়তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি - নাওবৈচা

নাওবৈচাত অৰুণোদই আঁচনি ৰূপায়ণৰ নামত ব্যাপক অনিয়ম। আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত তিনি শতাধিক হিতাধিকাৰীয়ে ঘেৰাও কৰে ফুলবাৰী পঞ্চায়তৰ কাৰ্যালয়। বি জে পিৰ স্থানীয় নেতা লপা-থপাও দিয়ে একাংশ প্ৰতিবাদকাৰীয়ে। লিখিত অভিযোগ দাখিল কৰে জিলা উপায়ুক্তক।

অৰুণোদয় আঁচনি ৰূপায়ণক লৈ নাওবৈচাত পঞ্চায়তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Oct 13, 2020, 5:45 PM IST

নাওবৈচা, ১৩ অক্টোবৰ: আগন্তুক ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে কেইবাখনো ন ন আঁচনিৰ ঘোষণা কৰে। ৰাজ্য চৰকাৰৰ অভিলাষী অৰুণোদয় আঁচনি ৰূপায়ণক লৈ মঙলবাৰে নাওবৈচা উন্নয়ন খণ্ডৰ অধীনস্থ ফুলবাৰী পঞ্চায়তৰ কাৰ্যালয়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। নাওবৈচাত আঁচনিখন সঠিকভাৱে ৰূপায়ণৰ ক্ষেত্ৰত খোদ বি জে পিৰ দলৰ একাংশ নেতাই বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে।

অৰুণোদয় আঁচনি ৰূপায়ণক লৈ নাওবৈচাত পঞ্চায়তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি
অৰুণোদয় আঁচনি ৰূপায়ণক লৈ নাওবৈচাত পঞ্চায়তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত তিনি শতাধিক হিতাধিকাৰীয়ে পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি আঁচনি ৰূপায়ণত দুৰ্নীতি সংঘটিত কৰা বিজেপিৰ নেতা-পালিনেতাৰ বিৰুদ্ধে গৰজি উঠে। ইন্দেশ্বৰ বৰাৰ নেতৃত্বত ফুলবাৰী পঞ্চায়তত অৰুণোদয় আঁচনিত ব্যাপক খেলি-মেলি হোৱাৰ অভিযোগ উত্থাপন কৰে।আনহাতে প্ৰতিবাদ কৰিবলৈ অহা মহিলাসকলক বুজনি দিবলৈ অহা বিজেপিৰ নেতা ইন্দেশ্বৰ বৰাক মহিলাসকলে শাৰীৰিকভাৱে অপদস্থ কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।

প্ৰতিবাদী মহিলাসকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে। আনহাতে,উক্ত প্ৰতিবাদস্থলীত বি জে পিৰ পালিনেতা ইন্দেশ্বৰ বৰাৰ সৈতে হোৱা হতাহতিত শিৱাণী দাস নামৰ এগৰাকী মহিলা আহত হয়। পিছত প্ৰতিবাদস্থলীত দলহাট আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু শিৱাণী দাসক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিভাগীয় কৰ্তৃপক্ষই এই আঁচনিৰ সুবিধা পঞ্চায়তৰ প্ৰকৃত হিতাধিকাৰীক নিদিয়ে তেন্তে জংগী আন্দোলন কৰাৰো হুংকাৰ দিয়ে দৰিদ্ৰ পৰিয়ালসমূহে।

লগতে চাওকঃ প্ৰসংগ: আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰি

লগতে পঢ়ক:লক ডাউনত বৃদ্ধি পাইছে নেকি অপৰাধজনিত ঘটনা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.