ETV Bharat / state

নাওবৈচাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীৰে আছুৰ প্ৰতিবাদ - গেৰুকামুখ

এন এইচ পিচি বিৰুদ্ধে নাওবৈচাত আছুৰ মানৱ শৃংখল নামনি সোৱণশিৰীৰ জলবিদ্যুৎ প্রকল্পৰ কাম বন্ধ কৰাৰ দাবীৰে অসমীয়া জীৱনক লৈ খেল খেলা এন এইচ পিচি বিৰূদ্ধে গৰজি উঠিল নাওবৈচাৰ আছু ৷

nowboicha all assam student union protest aginest nhpc
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীৰে আছুৰ প্ৰতিবাদ
author img

By

Published : May 29, 2020, 8:34 PM IST

নাওবৈচা,২৯ মেঃ লখিমপুৰ, ধেমাজি, মাজুলীকে ধৰি উত্তৰ অসমৰ লাখ লাখ জনতাৰ জীৱন -সম্পত্তি প্ৰতি ভয়ংকৰ খেল খেলি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ পঞ্চাশ শতাংশ কাম সম্পূৰ্ণ কৰিলে এন এইচ পিচি কৰ্তৃপক্ষই। এন এইচ পিচিয়ে গেৰুকামুখত নিৰ্মান কৰি থকা ২০০০ মেগাৱট শক্তি উৎপাদনক্ষম নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ দাবীত আজি নাওবৈচাত ছাত্ৰ সন্থাই মানৱ শৃংখলৰে তীব্র প্ৰতিবাদ সাব্যস্ত কৰে।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত হোৱা খহনীয়াই গাৰ্ডেড ৱাল ভাগি পেলোৱাৰ পাছত শুক্ৰবাৰে নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰকল্পটো বন্ধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। মানৱ শৃংখলৰ জৰিয়তে ধেমাজি-লখিমপুৰ জিলা সমিতিৰ লগতে নাওবৈচা আঞ্চলিক সমিতিয়েও এন এইচ পিচি ক কাম বন্ধ ৰাখিবৰ বাবে দাবী জনায়। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ৰ নাওবৈচা কলেজ তিনিআলিৰ সমীপত মানৱ শৃংখল উলিয়াই নাওবৈচা আছুৱে এন এই চপিচি ৰ বিৰুদ্ধে গৰজি উঠে।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীৰে আছুৰ প্ৰতিবাদ

প্ৰতিবাদত অংশ গ্ৰহণ কৰি নাওবৈচাৰ আছুৰ সভাপতি শংকৰজ্যোতি নাথে কয় কেন্দ্ৰীয় চৰকাৰে অসমক কেৱল শোষণ কৰি আহিছে। গেৰুকামুখৰ ঠুনুকা পাহাৰত বৃহৎ নাদীবান্ধ নিৰ্মাণ কৰি নামনি অংশৰ লক্ষ-লক্ষ জনতাক মৃত্যুৰ অটল গহ্বৰলৈ ঠেলি দি বিদ্যুতৰ লুণ্ঠন কৰিব বিচাৰিছে। আনহাতে সংগঠনটো দাবী কৰে যে নামনি অংশৰ জনতাৰ জীৱন সম্পত্তি সুৰক্ষা সু-নিশ্চিত নোহোৱালৈকে আৰু আছুকে ধৰি জাতীয় সংগঠনৰ লগত আলোচনা নকৰাকৈল এন এইচ পিচিয়ে নিৰ্মাণ কাৰ্য বন্ধ ৰাখক। অন্যথা এন এইচ পিচি বিৰুদ্ধে আন্দোলন অধিক কঠোৰ হব বুলি হুংকাৰ দিয়ে ৷

লগতে পঢ়কঃ জোনাইত মিচিংসকলৰ পৰম্পৰাগত দবুৰ পূজা সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.