ETV Bharat / state

Infrastructure development: লখিমপুৰ নগৰৰ আন্তঃগাঁঠনি উন্নয়নৰ নামত প্ৰহসন

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 11:46 AM IST

লখিমপুৰ নগৰৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে ২০১৮-২০১৯ বৰ্ষত কেন্দ্রীয় নগৰ আন্তঃগাঁঠনি উন্নয়ন পুঁজিৰ পৰা আৱন্টন হৈছিল এশ কোটি টকা । এই টকাৰে নগৰখনৰ উন্নয়নৰ বাবে ভালেখিনি আঁচনি গ্ৰহণ কৰা হৈছিল । গ্ৰহণ কৰা এই আঁচনিসমূহৰ সৰহ ভাগৰ কাম হ'লেও প্ৰায় ২০ কোটি টকাৰ ৬ খন আঁচনি আজিও ৰূপায়ণ কৰা নহ'ল ।

No infrastructure development in Lakhimpur town
লখিমপুৰ নগৰৰ আন্তঃগাঁঠনি উন্নয়নৰ নামত প্ৰহসন

লখিমপুৰ, ২১ ছেপ্টেম্বৰ: ৰাজ্যৰ চৌদিশে বাজিছে উন্নয়নৰ বৰঢোল বজাই চৰকাৰে ঘোষণা কৰিছে ইখনৰ পাছত সিখনকৈ উন্নয়নমূলক আঁচনি । পিছে আঁচনিসমূহৰ পৰা কিদৰে লাভবান হৈছে ৰাজ্যৰ সাধাৰণ জনতা ? লখিমপুৰত পোহৰলৈ আহিছে চৰকাৰৰ উন্নয়নৰ প্ৰকৃত ছবি । আজিকোপতি ৰূপায়ণ নহ'ল লখিমপুৰত কেন্দ্রীয় পৰিকাঠামো উন্নয়ন পুঁজিৰ এশ কোটি টকীয়া আঁচনিৰ কেইবাখনো আঁচনি ।

কেন্দ্রীয় চি আই ডি এফ শিতানৰ পৰা লখিমপুৰ লৈ ২০১৮ ২০১৯ বৰ্ষত আৱন্টন হৈছিল এশ কোটি টকা । এই টকাৰে জিলা পৰ্যায়ত বিশেষকৈ নগৰৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে কুৰিখন আঁচনি ধাৰ্য কৰা হৈছিল । পিছে ইয়াৰে ৬ খন আঁচনি আজিও ৰূপায়ণ নহ'ল । এই শিতানৰ পুঁজিৰে গ্ৰহণ কৰা আঁচনিসমূহৰ চৈধ্যখন আঁচনি ৰূপায়ণ কৰা হলেও ধাৰ্য কৰা ৬ খন আঁচনি ৰূপায়ণ কৰা নহ'ল ।

জিলা পৰ্যায়ত গ্রহণ কৰা নগৰৰ ৯ নং ৱাৰ্ড ত ৫.৮০ কোটি টকাৰ পাৰ্কিং স্থানসহ শাক-পাচলিৰ বজাৰ, খেলমাটিৰ পৰিবহন নিগমৰ কাৰখানা এলেকাত ১৩.৫১ কোটি টকাৰ শ্বপিংমল, নগৰৰ ৮ টা স্থানত চি চি টি ভি কেমেৰা সহ ১.৫০ কোটি টকাৰে ডিজিটেল ট্ৰেফিক পইন্ট স্থাপন কৰা, ২ কোটি টকাৰে ইনড'ৰ ষ্টেডিয়ামত পাৰ্কিং স্থান স্থাপন কৰা, এক কোটি টকাৰে লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত মিনি ষ্টেডিয়াম স্থাপন কৰা, নগৰখনৰ প্ৰৱেশ স্থানত দুয়ো দিশে ১ কোটি টকাৰে গেট স্থাপন কৰা আদি আঁচনিসমূহৰ এটাও ৰূপায়ণ কৰা নহ'ল ।

এই শিতানৰ পুঁজিৰে তালিকাভুক্ত কৰা কুৰিখন আঁচনিৰ চৈধ্যখন ৰূপায়ণ কৰা হ'লেও আন ৬ খন আঁচনি আজিও ৰূপায়ণ কৰা নহ'ল । যাৰ বাবে ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে । এই লৈ লখিমপুৰ নাগৰিক সমাজৰ তৰফৰ পৰা ছাজাদ হাজৰিকাসহ একাংশ বিষয়-ববীষাই জিলা আয়ুক্তক একাধিকবাৰ স্মাৰক পত্ৰ প্ৰদান কৰি ব্যবস্থা গ্রহণ কৰাৰ বাবে আহ্বান জনাই আহিছে যদিও আজিকোপতি ব্যৱস্থা লোৱা নহ'ল ।

লগতে পঢ়ক: Women's reservation Bill : ‘‘নাৰী শক্তি বন্দন অধিনিয়ম’’ক মহিলাৰ মাজত বিক্ৰী কৰিছে সদাগৰে; মীৰা বৰঠাকুৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.