ETV Bharat / state

North Lakhimpur College : গ্ৰন্থৰ সুবাসেৰে আমোলমোল নৰ্থ লখিমপুৰ কলেজৰ গ্ৰন্থমেলা বাকৰি - nl college book fair

নৰ্থ লখিমপুৰ কলেজত অব্যাহত আছে ষষ্ঠ নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলা ৷ শুকুৰবাৰে পঞ্চম দিনত ভৰি দিয়ে উক্ত গ্ৰন্থমেলাই ৷ আটাইকেইটা দিনতে পঢ়ুৱৈৰ যথেষ্ট সঁহাৰি লক্ষ্য কৰা গৈছে ৷

North Lakhimpur College
গ্ৰন্থৰ সুবাসেৰে আমোলমোল নৰ্থ লখিমপুৰ কলেজৰ গ্ৰন্থমেলা বাকৰি
author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 5:30 PM IST

গ্ৰন্থৰ সুবাসেৰে আমোলমোল নৰ্থ লখিমপুৰ কলেজৰ গ্ৰন্থমেলা বাকৰি

লখিমপুৰ, ১৩ অক্টোবৰ : নৰ্থ লখিমপুৰ কলেজে বিগত বৰ্ষৰ দৰে এইবাৰো মহাবিদ্যালয়ৰ চৌহদত আয়োজন কৰিছে গ্ৰন্থমেলা । ষষ্ঠ বৰ্ষৰ বাবে আয়োজন কৰা এই গ্ৰন্থমেলা আৰু মেলা উপলক্ষে আয়োজিত বিভিন্ন কাৰ্যক্ৰমেৰে গ্ৰন্থমেলাৰ বাকৰি মুখৰিত হৈ পৰিছে ।

যোৱা 9 অক্টোবৰৰ পৰা আঠদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ষষ্ঠ নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাই শুকুৰবাৰে পঞ্চম দিনত ভৰি দিয়ে ৷ পাৰ হৈ যোৱা আটাইকেইটা দিনৰ গ্ৰন্থমেলাত পঢ়ুৱৈৰ যথেষ্ট সঁহাৰি লক্ষ্য কৰা যায় ৷ ইয়াৰোপৰি বিভিন্ন লেখক-সাহিত্যিকেও গ্ৰন্থমেলাৰ কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰে ৷ গ্ৰন্থমেলাখন উদ্বোধন কৰে সাহিত্য সমালোচক তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড॰ অঞ্জন কুমাৰ ওজাই ৷

উদ্বোধকৰ ভাষণত তেওঁ কয় যে, এখন মহাবিদ্যালয়ে নিজা উদ্যোগত এনেকুৱা এখন গ্ৰন্থমেলা আয়োজন কৰাটো অসমৰ প্ৰেক্ষাপটত এক দৃষ্টান্ত৷ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি গ্ৰন্থ অধ্যয়নৰ উপযোগিতা সম্পৰ্কে এটি মনোজ্ঞ বক্তৃতা প্ৰদান কৰে গীতি-সাহিত্যৰ গৱেষক-সমালোচক বৰ্ণালী কটকী ওজাই ৷ গ্ৰন্থমেলাৰ দিনকেইটাত একোখনকৈ আলোচনাচক্ৰৰো আয়োজন কৰা হয় ।

মহাবিদ্যালয়খনৰ শিক্ষাতত্ত্ব বিভাগ, পদাৰ্থ বিজ্ঞান বিভাগ আৰু ভূগোল বিভাগ আদিয়ে এই আলোচনা চক্ৰসমূহ আয়োজন কৰে । প্ৰথম দিয়া মহাবিদ্যালয়খনৰ এটা ছাত্ৰী নিবাসে বিশিষ্ট সাহিত্যিক মামণি ৰয়ছম গোস্বামী স্মাৰক মনোজ্ঞ অনুষ্ঠান আয়োজন কৰে৷ দ্বিতীয় দিনা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীসকলে গীত-নৃত্য-নাটকেৰে এটি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ৷

বিশিষ্ট সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ স্মৃতিত এটি অনুষ্ঠান আয়োজিত হয় বুধবাৰৰ সন্ধিয়া ৷ সাম্প্ৰতিক সময়ৰ শক্তিশালী ঔপন্যাসিক জুৰী বৰা বৰগোহাঞি আৰু লক্ষীনন্দন বৰগোহাঞিয়ে তৃতীয় দিনা গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত এক বক্তৃতানুষ্ঠানত ভাগ লয়৷ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত জুৰী বৰা বৰগোহাঞিয়ে ‘ঔপন্যাসিক হিচাপে মোৰ যাত্ৰা’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে ৷ তেওঁ লগতে পাঠকৰ সৈতে অন্তৰংগ আলাপতো অংশগ্ৰহণ কৰে ৷

লক্ষীনন্দন বৰগোহাঞিয়ে ‘অসমৰ গলবস্ত্ৰ’ শীৰ্ষক বিষয়ত এটি চিন্তাকৰ্ষক বক্তৃতা প্ৰদান কৰে৷ ইতিমধ্যে মহাবিদ্যালয় পৰ্যায়ত কুইজ, ফটোগ্ৰাফী আদি প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে ৷ মাধ্যমিক শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত লখিমপুৰ জিলাভিত্তিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৷ গ্ৰন্থমেলাৰ আয়োজক সমিতিৰ তৰফৰ পৰা ড॰ অৰবিন্দ ৰাজখোৱাই জনাই যে, এইবাৰৰ গ্ৰন্থমেলালৈ পূৰ্বতকৈ অধিক সংখ্যক গ্ৰন্থ অনা হৈছে ৷ সমান্তৰালভাৱে পঢ়ুৱৈৰ সঁহাৰিও যথেষ্ট ব্যাপক৷ উল্লেখযোগ্য অহা 16 অক্টোবৰত এই গ্ৰন্থমেলাৰ সামৰণি পৰিব ৷

লগতে পঢ়ক: Assam Govt distribute Bicycles : চাইকেল বিতৰণে শিক্ষাৰ্থীক স্কুললৈ যোৱাৰ মানসিকতা বৃদ্ধি কৰিব: কামাখ্যা প্ৰসাদ তাছা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.