ETV Bharat / state

লখিমপুৰত চৰকাৰী ডাম্পিং গ্ৰাউণ্ডত প্ৰশাসনৰ উচ্ছেদ অভিযান - NLP district administration eviction in govt. dumping zone due to encroachment

ডাম্পিং গ্ৰাউণ্ডত অবৈধ ভাৱে গঢ়লৈ উঠিছিল কেইবাটাও বাসগৃহ ৷ প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত বুলড'জাৰে ভাঙিলে অবৈধ বাসগৃহ ৷ ইয়াৰ পিচতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় লখিমপুৰত ৷

লখিমপুৰত চৰকাৰী ডাম্পিং গ্ৰাউণ্ডত প্ৰশাসনৰ উচ্ছেদ অভিযান
author img

By

Published : Nov 12, 2019, 5:11 PM IST

লখিমপুৰ, 12 নৱেম্বৰ: মঙলবাৰে পুৱাৰ ভাগত এক উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল লখিমপুৰ নগৰৰ মাজ-মজিয়াৰ শান্তিপুৰত ৷ মাত্ৰ কিছুদিন আগতে উচ্ছেদ অভিযান চলোৱা শান্তিপুৰৰ চৰকাৰী ডাম্পিং গ্ৰাউণ্ডত পুনৰ উচ্ছেদ অভিযান চলালে লখিমপুৰ জিলা প্ৰশাসনে ৷ একাংশ লোকে দখল কৰি থকা চৰকাৰী 14 বিঘা ভূমি বুলড'জাৰৰ দ্বাৰা উচ্ছেদ চলাই মুকলি কৰিলে প্ৰশাসনৰ লোকে ৷

লখিমপুৰত চৰকাৰী ডাম্পিং গ্ৰাউণ্ডত প্ৰশাসনৰ উচ্ছেদ অভিযান

উল্লেখযোগ্য যে,শান্তিপুৰত থকা চৰকাৰী ডাম্পিং গ্ৰাউণ্ডত দুইমাহ পূৰ্বৰ পৰা অবৈধ ভাৱে গঢ়লৈ উঠিছিল কেইবাটাও বাসগৃহ ৷ একাংশ সন্দেহযুক্ত দখলকাৰীয়ে নিৰ্মাণ কৰিছিল এই বাসগৃহ সমূহ ৷ ইফালে, চৰকাৰী ডাম্পিং গ্ৰাউণ্ডত পুনৰ গঢ়লৈ উঠা বাসগৃহ সমূহত মঙলবাৰে প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত উচ্ছেদ অভিযান চলোৱা হয়,য'ত ভাঙি পেলোৱা হয় এই অবৈধ বাসগৃহ সমূহ ৷ প্ৰশাসনৰ স্পষ্ট মত কোনো কাৰণতে পুনৰ দখল কৰিবলৈ দিয়া চৰকাৰী ভূমি ৷

আৰু পঢ়ক: দলং নিৰ্মাণত ঠিকাদাৰৰ হেমাহি, জ্বলা-কলা খাইছে ৰাইজে

Intro:মঙলবাৰে পুৱাতে অশান্তিৰ সৃষ্টি হল লখিমপুৰ নগৰৰ মাজ মজিয়াৰ শান্তিপুৰত। চৰকাৰী ডাম্পিং গ্ৰাউণ্ডত পুণৰ উচ্ছে দ অভিযান চলালে জিলা প্ৰশাসনে।

Body:এমাহ পুৰ্বে একাংশ লোকে দখল কৰি থকা চৰকাৰী 14 বিঘা ভুমি উচ্ছে দ কৰিছিল লখিমপুৰ জিলা প্ৰশাসনে। কিন্তু সেই উচ্ছেদৰ কিছু দিন পিছতে চৰকাৰী ভুমিত ঘৰ সাজিছিল দখলকাৰীয়ে। সেয়েহে মঙলবাৰে পুৱাতে জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত যোৱা দলে ভাঙি পেলালে পুণৰ নিৰ্মাণ কৰা বহু কেইটা ঘৰ।

Conclusion:উল্লেখযোগ্য যে প্ৰায় 14 বিঘা চৰকাৰী ভুমিৰ এটা অংশ বৰ্তমান ড্ৰাম্পিং গ্ৰাউণ্ড হিছাপে ব্যৱহাৰ কৰি থকা হৈছে। প্ৰশাসনৰ স্পষ্ট মত কোনো কাৰণত পুণৰ দখল কৰিবলৈ দিয়া নহব চৰকাৰী ভুমি।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.