ETV Bharat / state

লখিমপুৰত বালিৰে ৰঙানদীৰ সোঁতক ভেটাৰ চেষ্টা - লখিমপুৰত ৰঙানদীৰ সংহাৰ

লখিমপুৰৰ এটা পথৰ সুৰক্ষাৰ বাবে ৰঙা নদীৰ বুকুত বালিৰে বান্ধ সজাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । প্ৰায় 29 কোটি টকা ব্যয়েৰে বালি আৰু বালিৰ বস্তাৰে সংহাৰী ৰঙানদীক ভেটাৰ চেষ্টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (NHAI tries to prevent flow of Ranga river) ৷

NHAI tries to prevent flow of Ranga river with sand and sandbag in Lakhimpur
লখিমপুৰত বালিৰে ৰঙানদীক সোঁতক ভেটাৰ চেষ্টা
author img

By

Published : Jan 29, 2022, 10:38 AM IST

Updated : Jan 29, 2022, 11:36 AM IST

লখিমপুৰ, ২৯ জানুৱাৰী : লখিমপুৰত বালি আৰু বালিৰ বস্তাৰে ৰঙানদীক ভেঁটিবলৈ ঘাইপথ প্ৰাধিকৰণে লোৱা এক পদক্ষেপে (NHAI tries to prevent flow of Ranga river) জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰায় ২০ কোটি টকা ব্যয়ৰে ৰঙানদীৰ বক্ষত তিনিশ মিটাৰ ৰিং বান্ধ(NHAI Built dam in Ranga river) নিৰ্মাণ কৰিছে । নগৰখনৰ সমীপৰ পহুমৰাত পথৰ সুৰক্ষাৰ বাবে ৰঙানদীৰ বক্ষত বালিৰে ৰিং বান্ধ নিৰ্মাণ কৰি ঢকা হৈছে বালিৰ বস্তাৰে ।

লখিমপুৰত বালিৰে ৰঙানদীক সোঁতক ভেটাৰ চেষ্টা

বাৰিষা কালত যিখন নদীৰ ভয়ংকৰ সোঁতে পথ দলং, মথাউৰি আদি ভাঙি ছিঙি তাণ্ডৱ সৃষ্টি কৰাৰ লগতে ব্যাপক হাৰত ধন জনৰ হানি কৰি আহিছে সেইখন নদীক বালিৰে বান্ধিব খোজা হৈছে । জলসম্পদ বিভাগে ৩৬২ কোটি টকা ব্যয়ৰে আৰু বিদেশী প্ৰযুক্তি ব্যৱহাৰ কৰি জিঅ’ টিউব, জিঅ’ মেটেৰে নগৰখনৰ সুৰক্ষা কৱচস্বৰূপ মথাউৰি নিৰ্মাণ কৰিছে যদিও শংকা মুক্ত হ’ব পৰা নাই জনতা ।

বাৰিষা কালত এই মথাউৰিৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰে নদীখনে । তেনে এখন নদীক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বালিৰে বান্ধিব খোজা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে বিভিন্ন দল সংগঠনে । অবৈজ্ঞানিকভাৱে বালিৰে ৰিং বান্ধ নিৰ্মাণ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ২০ কোটি টকা অপচয় কৰিবলৈ লোৱা বুলি অভিযোগ তুলিছে জিলাখনৰ বিভিন্ন সংগঠনে ৷ তেওঁলোকে লগতে সময় থাকোতেই সঠিক ব্যৱস্থা লোৱাৰ দাবী জনাই অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : Jorhat Majuli bridge: দলং নিৰ্মাণত ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান নকৰাৰ অভিযোগ

Last Updated : Jan 29, 2022, 11:36 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.