ETV Bharat / state

NEEPCO released water: নীপকোৱে এৰা ৰঙানদী প্ৰকল্পৰ পানীত পাঁচনৈত হাহাকাৰ

author img

By

Published : Oct 26, 2022, 6:58 PM IST

Updated : Oct 26, 2022, 8:35 PM IST

নীপকোৱে ২৪ ঘণ্টাৰো অধিক সময় ধৰি ধাৰাসাৰে মোকলাই দি আছে প্ৰকল্পৰ পানী । যাৰ ফলত নাজল-নাথল অৱস্থা হৈছে পাঁচনৈ অঞ্চলত । মঙলবাৰে পুৱাবেলাৰ পৰা নীপকোৱে প্ৰকল্পৰ জলাধাৰৰ সুৰক্ষাৰ বাবে জলাধাৰৰ পৰা ৰঙানদীত অত্যধিক পৰিমাণৰ অতিৰিক্ত পানী এৰি দিয়ে (flood situation in Lakhimpur) ।

Lakhimpur
Lakhimpur

লখিমপুৰ, ২৬ অক্টোবৰ : লখিমপুৰৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে ৰঙানদী জলবিদ্যুৎ প্ৰকল্প (Ranganadi Hydro Electric project) । বাৰিষাৰ কথা বাদেই, বৰ্তমান খৰালি কালতো নীপকোৱে প্ৰকল্পৰ পানী এৰি দি জ্বলাকলা খুৱাইছে লখিমপুৰৰ নদীপৰীয়া অঞ্চলৰ ৰাইজক (NEEPCO released water of Ranganadi project) ।

নীপকোৱে এৰা ৰঙানদী প্ৰকল্পৰ পানীত পাঁচনৈত হাহাকাৰ

নিশাৰ ভাগলৈ বহু বেছি পৰিমাণৰ পানী এৰি দি বুধবাৰৰ পুৱাৰ পৰা সামান্য হ্ৰাস কৰিলেও ধাৰাসাৰে পানী এৰিয়েই আছে । ফলত নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে নদীপৰীয়া পাঁচনৈ অঞ্চলত । প্ৰায় ৯ খন গাঁৱৰে আবৃত বৃহৎ অঞ্চলটোত এতিয়া ঘৰৰ ভিতৰে-বাহিৰে পানী । ৰাইজে কোনোমতে ওখ ঠাইত আশ্রয় লৈ প্ৰাণৰক্ষা কৰাৰ লগতে পশুধনক জীয়াই ৰখাৰ এখন যুঁজত অৱতীৰ্ণ হ'বলগা হৈছে । বিশেষকৈ চৌদিশে পানী হোৱাৰ বাবে পশুধনে কলমলাই থাকিবলগীয়া হৈছে ।

বৃহৎ অঞ্চলটোৰ এনে দুৰ্দশা দেখিও কিন্তু সকলো নীৰৱ । নীপকোৱে কেৱল চাইৰেণ বজাই ৰাইজক সৰ্তক কৰিয়েই দায়িত্ব সামৰিছে । আনহাতে, মন্ত্রী-বিধায়কসকলো এতিয়া এনে দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত নাই । নীপকোক সকীয়নি দি পানী এৰা বন্ধ কৰিবলৈও যেন কাৰো আহৰি নাই । যাৰ বাবে পাঁচনৈবাসী ৰাইজে এতিয়া বিপজ্জনক এক অৱস্থাত দিন কটাবলগীয়া হৈছে । লগতে নীপকোক পানী এৰি দিয়া বন্ধ কৰিবলৈ চৰকাৰে কিয় ব্যৱস্থা গ্রহণ কৰা নাই বুলিও দুৰ্গত ৰাইজে প্ৰশ্ন তুলিছে ।

উল্লেখ্য, ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী সময়ে সময়ে নীপকোৱে এৰি দি অহাৰ ফলত পূৰ্বতেও বহুবাৰ বানৰ কবলত পৰিবলগা হৈছে প্ৰকল্পটোৰ পাৰ্শ্ৱৱৰ্তী অঞ্চলৰ লোকসকল । যিকোনো মুহূৰ্ততে নীপকোৱে অতিৰিক্ত পানী এৰি দিয়াৰ ফলত ধন-জনৰো বহু ক্ষতি হৈছে ।

লগতে পঢ়ক :AJYCP Protest in Jorhat: জলসম্পদ বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়াক অপসাৰণৰ দাব

Last Updated : Oct 26, 2022, 8:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.