ETV Bharat / state

ভূপেন বৰা শিক্ষামন্ত্ৰী হোৱাটো বিচাৰিম: অজিত কুমাৰ ভূঞা - ভূপেন বৰা শিক্ষামন্ত্ৰী হোৱা বিচাৰে অজিত কুমাৰ ভূঞাই

বিহপুৰীয়া সমষ্টিত ভূপেন বৰাৰ হৈ প্ৰচাৰ সাংসদ তথা আঞ্চলিক গণমৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাৰ ৷ বিজেপিক বিশ্বাসঘাতক তথা মিছলীয়া আখ্যা ভূঞাৰ ৷ মহাজোঁটৰ চৰকাৰ হ'লে 'কা' বাতিল কৰা হ'ব বুলি মন্তব্য ভূঞাৰ ৷

mp ajit bhuyan campaigns for bhupen bora at bihpuria constituency
এইবাৰ ভূপেন বৰা শিক্ষামন্ত্ৰী হোৱাটো বিচাৰিম : অজিত কুমাৰ ভূঞা
author img

By

Published : Mar 17, 2021, 10:25 PM IST

Updated : Mar 18, 2021, 3:11 PM IST

বিহপুৰীয়া,17 মাৰ্চ: বিহপুৰীয়া বিধানসভা সমষ্টিত বুধবাৰে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাৰ হৈ আঞ্চলিক গণমৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই নিৰ্বাচনী প্ৰচাৰ চলায় ৷ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ ৰাইজক বিজেপিক উৎখাত কৰাৰ বাবে ঐক্যবদ্ধ হ'বলৈ আহ্বান জনায় ৷

ভূপেন বৰা শিক্ষামন্ত্ৰী হোৱাটো বিচাৰিম: অজিত কুমাৰ ভূঞা

সমষ্টিটোৰ অন্তৰ্গত বৰবালি, বৰদেউৰী গাঁও, বদতি আৰু ধূণাগুৰিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি সাংসদগৰাকী বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ বিজেপিক বিশ্বাসঘাতকতথা মিছলীয়া আখ্যা দি ভূঞাই বিজেপিক অসমৰ পৰা পুলিয়ে পোখাই উভালিব লাগিব বুলি মন্তব্য কৰে ৷

ভূপেন বৰাক আমি শিক্ষামন্ত্ৰী হোৱাটো বিচাৰিম বুলি মন্তব্য কৰি ভূঞাই লগতে কয় যে, বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে সকলো প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব ৷ মহাজোঁটৰ চৰকাৰ হ'লে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা হ'ব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰাৰ লগতে চাইকেল চলাই, কবিতা মাতি সঁচাক মিছা কৰিব নোৱাৰি বুলিও সাংসদ গৰাকীয়ে কটাক্ষ কৰে ৷

উল্লেখ্য যে, সমাগত নিৰ্বাচনৰ বাবে 'কা' আইনৰ বিষয়টো বিৰোধী ৰাজনৈতিক দলসমূহে বিজেপিৰ বিৰুদ্ধে এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ৷ অৱশ্যে বিজেপিয়েও এইক্ষেত্ৰত নিজা মতেৰে আগবাঢ়িছে ৷ বুধবাৰে জকাইত এক নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অখিল বা লুৰিণ যিয়েই মুখ্যমন্ত্ৰী হ'লেও 'কা' বাতিল কৰিব নোৱাৰে বুলি কৰা মন্তব্য যেন ইয়াৰে প্ৰমাণ ৷

লগতে পঢ়ক: ন-কইনাৰ দৰে কংগ্ৰেছে আদৰিছে আজমলক: অতুল বৰা

Last Updated : Mar 18, 2021, 3:11 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.