ETV Bharat / state

মাতৃত্বত ক’লা দাগ: এক লাখ টকাত মাতৃয়ে বিক্ৰী কৰিলে নিজ কন্যাক - লখিমপুৰ নাৰীদেহ সৰৱৰাহ

1 লাখ 35 হাজাৰ টকাত নিজ কন্যাক বিক্ৰী কৰিবলৈ উদ্যত হ’ল লখিমপুৰৰ এগৰাকী মাতৃ ৷ ধনৰ বিনিময়ত নিজ কন্যাক নাৰীদেহ ব্যৱসায়ীৰ হাতত গতাই দিয়ে এইগৰাকী মাতৃয়ে(Mother sells daughter in Lakhimpur) ৷

Mother sells daughter in Lakhimpur
লখিমপুৰৰ এগৰাকী মাতৃয়ে কন্যাক বিক্ৰী কৰিলে 1 লাখ 35 হাজাৰ টকাত
author img

By

Published : May 22, 2022, 10:07 PM IST

লখিমপুৰ, ২২ মে': মাতৃত্বক কলংকিত কৰা এক ঘটনা সংঘটিত হৈছে লখিমপুৰত ৷ নিজ মাতৃয়ে কন্যাক মানৱ দেহ সৰৱৰাহকাৰীৰ হাতত গতাই দিলে ধনৰ বিনিময়ত ৷ লখিমপুৰৰ পানীগাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা (Mother sells daughter in Lakhimpur)৷ কেইটামান টকাৰ বাবেই নিজৰ কন্যা সন্তানক আনৰ হাতত তুলি দিবলৈও কুণ্ঠাবোধ নকৰিলে লখিমপুৰৰ পানীগাঁও মাজৰগাঁৱৰ এগৰাকী মহিলাই ।

এই ঘটনা পোহৰলৈ আনিছে লখিমপুৰ আৰক্ষীয়ে ৷ এগৰাকী মাতৃয়ে ১ লাখ ৩৫ হাজাৰ টকাত কন্যাক বিক্ৰী কৰিবলৈ উদ্যত হৈছিল বহিঃৰাজ্যৰ নাৰী দেহ ব্যৱসায়ী চক্ৰৰ হাতত । পিছে লখিমপুৰ আৰক্ষীৰ জালত পৰে মানৱ সৰবৰাহকাৰীৰ চক্ৰৰ বৃহৎ দলটো (Woman trafficking racket in Lakhimpur)। তিনিগৰাকী মহিলাসহ বহিঃৰাজ্যৰ চাৰিজন ব্যক্তিক আটক কৰি আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে ।

লখিমপুৰৰ এগৰাকী মাতৃয়ে কন্যাক বিক্ৰী কৰিলে 1 লাখ 35 হাজাৰ টকাত

উল্লেখ্য যে, লখিমপুৰ ৰেল ষ্টেচনৰ পৰা ৰাজস্থানলৈ যাবলৈ ওলাওতেই আৰক্ষীয়ে আটক কৰে দলটোক । দলটোৱে ছোৱালীজনী বহিঃৰাজ্যলৈ লৈ যোৱাৰ বাবে এখন ভুৱা বিবাহৰ চুক্তি পত্ৰও প্ৰস্তুত কৰি লৈছিল ।

লখিমপুৰ আৰক্ষীয়ে ৰাজস্থানৰ ৰমেশ কুমাৰ দুবি, আজাদ পাৰিক, মহেশ কুমাৰ পনোৱাৰ, বলবিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ইতিমধ্যে নাৰীদেহ ব্যৱসায়ী চক্ৰৰ দলটোৰ লগতে বিক্ৰীৰ বাবে সাজু কৰা ছোৱালীজনীৰ মাতৃ আৰু এই কাৰ্যত সহযোগ কৰা আন এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: আৰক্ষীৰ চকুৰ আগতেই জ্বলি ছাঁই হ’ল থানা; তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.