ETV Bharat / state

ETV Bharat ৰ বাতৰিৰ প্ৰভাৱ: বন্যাৰ্তৰ সমস্যাৰ বুজ ল'লে বিধায়ক ড৹ অমিয় ভূঞা - বিহপুৰীয়াত বানৰ সংহাৰ

লখিমপুৰত অব্যাহত বানৰ সংহাৰ ৷ ETV Bharat ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে সোমবাৰে বানাক্ৰান্ত ৰাইজৰ কাষত বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা উপস্থিত হয় (MLA Amiya Kumar Bhuyan visited Bihpuria) ।

MLA Amiya Kumar Bhuyan visited flooded area at Bihpuria

author img

By

Published : Jun 21, 2022, 12:30 PM IST

বিহপুৰীয়া, 21 জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰৰ বিহপুৰীয়াত বানৰ সংহাৰ (Flood in Lakhimpur) ৷ কিন্তু বানৰ প্ৰতি যেন কাণসাৰ নাই স্থানীয় বিধায়ক ড৹ অমিয় ভূঞাৰ ৷ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৱৰ সোৱণশিৰিপৰীয়া কেইবাখনো গাঁও যোৱা কেইবাদিন ধৰি বানত বুৰ গৈ থকাত বানাক্ৰান্ত ৰাইজৰ লগতে পশুধনসমূহো বানত ক্ষতিগ্ৰস্ত হৈছে ৷

শেহতীয়াকৈ ইটিভি ভাৰতত বন্যাৰ্ত লোকসকলে অনাহাৰে অনিদ্ৰাৰে থকা বাতৰি প্ৰচাৰ কৰা হৈছিল ৷ ইয়াৰ পিছতে সোমবাৰে বানাক্ৰান্ত ৰাইজৰ কাষত বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা উপস্থিত হয় (MLA Amiya Kumar Bhuyan visited Bihpuria) । বিধায়কজনে সমষ্টিটোৰ বানাক্ৰান্ত কেইবাখনো গাঁও পৰিদৰ্শন কৰি বানাক্ৰান্তসকলৰ দুখ দুৰ্গতিৰ বুজ লয় ৷

বন্যাৰ্তৰ সমস্যাৰ বুজ ল'লে বিধায়ক ড৹ অমিয় ভূঞা

বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা, বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়া জয় প্ৰকাশ মহন্ত, বিহপুৰীয়া পৌৰ সভা পৌৰপতি দীপশিখা বৰাৰ লগতে বিজেপি দলৰ বহু নেতা কৰ্মী উপস্থিত হৈ বানাক্ৰান্ত অঞ্চলসমূহত বান সাহাৰ্য প্ৰদান কৰে ৷

পাভ ভেকেলী, এক নং কংকুৰ, দুই নং কংকুৰ, কানিয়াজান, নিগনি চাপৰি, কলবাৰী, আউনীবাৰীৰ বানাক্ৰান্ত ৰাইজৰ মাজত চাউল, দাইল, মিঠাতেল, নিমখ, বিস্কুট আদি সাহাৰ্য সামগ্ৰীসমূহ বিতৰণ কৰে বিধায়কগৰাকীয়ে৷ বানাক্ৰান্ত অঞ্চলত পৰৱৰ্তী সময়ত পশুধনৰ বাবেও খাদ্য সামগ্ৰী বিতৰণৰ আশ্বাস প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক : গোৱালপাৰাত বন্যাৰ্তৰ খবৰ ল’লে বদৰুদ্দিন আজমলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.