ETV Bharat / state

বিহপুৰীয়া সমষ্টিক বানমুক্ত কৰাৰ পৰিকল্পনা বিধায়ক অমিয় কুমাৰ ভূঞাৰ - আধাৰশিলা

বিহপুৰীয়া সমষ্টি সমষ্টিৰ অন্তৰ্গত কাচিকতা নদীৰ ভগ্নপ্ৰায় মথাউৰিটো এম জি এন ৰেগা আঁচনিৰ অধীনত ১ কোটি টকাৰে নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ড৹ অমীয় কুমাৰ ভূঞাই । বান গৰাখহনীয়াৰ সমস্যাৰ পৰা সমষ্টিবাসীক মুক্ত কৰাৰ লক্ষ্যৰে সম্প্ৰতি তৎপৰ হৈ পৰিছে বিধায়কগৰাকী ।

Mla Amiya Kumar Bhuyan plans to de-flood Bihpuria constituency
বিহপুৰীয়া সমষ্টিক বানমুক্ত কৰাৰ পৰিকল্পনা বিধায়ক অমিয় কুমাৰ ভূঞাৰ
author img

By

Published : Jun 15, 2021, 10:46 PM IST

বিহপুৰীয়া, 15 জুন : লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিটো বানমুক্ত সমষ্টি হিচাপে গঢ়ি তোলাৰ লক্ষ্য নৱ নিৰ্বাচিত বিধায়ক ড৹ অমীয় কুমাৰ ভূঞাৰ। বিগত সময়ছোৱাত সমষ্টিটোৰ মাজেৰে বৈ যোৱা নৈ উপ-নৈসমূহে সৃষ্টি কৰা ভয়াৱহ বান-গৰাখহনীয়াৰ সমস্যাৰ পৰা সমষ্টিটোক মুক্ত কৰাৰ লক্ষ্যৰে সম্প্ৰতি তৎপৰ হৈ পৰিছে বিধায়কগৰাকী ।

উল্লেখ্য যে, বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা সমষ্টিটোৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি দুৰ্গত ৰাইজৰ খবৰ লোৱাৰ লগতে পৰিৱেশ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে বিধায়ক ড৹ অমীয় কুমাৰ ভূঞাই । তাৰেই অংশ হিচাপে বিধায়কগৰাকীয়ে মঙলবাৰে সমষ্টিটোৰ অন্তৰ্গত কাচিকতা নদীৰ ভগ্নপ্ৰায় মথাউৰিটো এম জি এন ৰেগা আঁচনিৰ অধীনত ১ কোটি টকাৰে নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ।

বিহপুৰীয়া সমষ্টিক বানমুক্ত কৰাৰ পৰিকল্পনা বিধায়ক অমিয় কুমাৰ ভূঞাৰ

মটৰ চাইকেলেৰে কেইবা কিলোমিটাৰ পথ অতিক্ৰম কৰি দুৰ্গম অঞ্চলটোত উপস্থিত হৈ মথাউৰিটোৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে । আধাৰশিলা স্থাপন কৰি মথাউৰিটোৰ নিৰ্মাণকাৰ্যত সকলো ৰাইজকে দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনায় ।

এই কাৰ্যত নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীৰ লগতে নাৰায়ণপুৰ জিলা পৰিষদৰ সদস্য ভাস্কৰ হাজৰিকা আৰু লখিমপুৰ জিলা বিজেপি (BJP)ৰ উপ-সভাপতি লক্ষীকান্ত বৰাই বিধায়কগৰাকীক সংগ দিয়ে ।

সমান্তৰালকৈ, নৰানেপেৰা বৰষুণৰ ফলত লখিমপুৰ, ধেমাজীকে আদি কৰি ৰাজ্যৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ নৈ সমূহৰ বাঢ়নীপানীয়ে কেইবাখনো গাঁও প্লাৱিত কৰাৰ ফলত বিস্তৰ ক্ষতিসাধান হৈছে বানাক্ৰান্তা লোক সকলৰ ৷ বাৰিষাৰ পূৰ্বেই বান পৰিস্থিতিৰ পৰা যাতে ৰক্ষা পৰিব পাৰে তাৰবাৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ৷

লগতে পঢ়ক-প্ৰৱল খহনীয়াৰ গ্ৰাসত ডিব্ৰুগড়ৰ বৃহত্তৰ বগীবিল অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.