ETV Bharat / state

এগৰাকী ৰাজনৈতিক নেতাৰ কৃষি বিপ্লৱ - শিক্ষিত যুৱক যুৱতী

এগৰাকী আদৰ্শবান ৰাজনৈতিক নেতা ৷ কৃষি কৰ্মেৰে তেওঁ দেখুৱাইছে আদৰ্শ ৷ মিছিং স্বায়ত্ত পৰিষদৰ সদস্য পায়েঙে জৈৱিক পদ্ধতিৰে নিজ ঘৰৰ চৌহদতে গঢ়ি তুলিছে কেইবাখনো ফাৰ্ম ৷ স্থানীয় শিক্ষিত যুৱক যুৱতী সকললৈ নেতা গৰাকীৰ আহ্বান, ঘৰতে বহি সময় নষ্ট কৰাতকৈ কৃষি কৰ্মত মন দিয়ক ৷

as_lkh_Missing_Autonomous_council_leader's_firm_vis_ASC10077
এগৰাকী ৰাজনৈতিক নেতাৰ কৃষি বিপ্লৱ
author img

By

Published : Nov 21, 2020, 5:41 PM IST

লখিমপুৰ,21 নৱেম্বৰ : এগৰাকী ব্যস্ত ৰাজনৈতিক নেতাই ব্যস্ত হৈ পৰিছে কৃষি কৰ্মত ৷ ৰাজনৈতিক কাম কাজৰ লগতে চলাই গৈছে কৃষি কৰ্ম ৷ নেতাজনে ল'কডাউনৰ সময়ত নিজ ঘৰতে কৰ্ম সংস্কৃতিৰ আদৰ্শ গঢ়ি তুলিছে ৷ নাম তেওঁৰ অনিল পায়েং ৷ মিছিং স্বায়ত্ত পৰিষদৰ 18 নং ভীমপৰা বগীনদী পৰিষদীয় সমষ্টিৰ সদস্য তেওঁ ৷ জৈৱিক পদ্ধতিৰে নিজ ঘৰৰ চৌহদতে গঢ়ি তুলিছে কেইবাখনো ফাৰ্ম ৷

এগৰাকী ৰাজনৈতিক নেতাৰ কৃষি বিপ্লৱ

উল্লেখ্য যে, বায়' ফ্লক পদ্ধতিৰে মীন পালন, বৰপাত খেতিৰে পলু পালন কৰাৰ লগতে হাঁহ-কুকুৰা পালন কৰি মাহেকত লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে নেতাজনে ৷ কৃষি কৰ্মত মনোনিৱেশ কৰি নেতা হৈ পৰিছে বহুজনৰ বাবে আদৰ্শ ৷ চৰকাৰী চাকৰিৰ আশাত বন্দী হৈ থকা অঞ্চলতোৰ শিক্ষিত যুৱক যুৱতী সকললৈ নেতা গৰাকীৰ আহ্বান, ঘৰতে বহি থকাতকৈ কৃষি কৰ্মত মন দিয়ক ৷ কৃষি কৰ্মৰ বাবে তেওঁলোকক যি সহায়ৰ প্ৰয়োজন হ'ব তেওঁ নিজেই সকলো কৰিব ৷ আগ্ৰহী যুৱক-যুৱতীসকলক প্ৰশিক্ষণৰ দিয়াৰ বাবে ডিচেম্বৰ মাহত নিজাববীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে বুলিও নেতা গৰাকীয়ে জনায় ৷

লগতে পঢ়ক:বকোত চুৰি ছাগলীসহ বাহন জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.