ETV Bharat / state

লখিমপুৰত ক’ভিড পৰিস্থিতি নিয়ন্ত্রণক লৈ তৎপৰ মন্ত্রী সঞ্জয় কিষাণ

লখিমপুৰ জিলা (Lakhimpur District)ত পুনৰ ক’ভিড (Covid)ত আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ তিনিদিনৰ বাবে জিলাখনত বাহৰ পাতিছে মন্ত্ৰী সঞ্জয় কিষাণে (Sanjay Kishan) ৷ জিলাখনৰ ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰি চৰকাৰলৈ প্ৰতিবেদন আগবঢ়াব বুলি জানিবলৈ দিয়ে মন্ত্ৰী কিষাণে ।

minister-sanjay-kishan-staying-in-lakhimpur-for-covid-situation-control
ক’ভিড পৰিস্থিতি নিয়ন্ত্রণক লৈ তৎপৰ মন্ত্রী সঞ্জয় কিষাণ
author img

By

Published : Jul 8, 2021, 10:08 PM IST

লখিমপুৰ, 8 জুলাই : ৰাজ্যৰ কিছুসংখ্যক জিলাৰ লেখীয়াকৈ লখিমপুৰ জিলা (Lakhimpur District)তো পুনৰ বৃদ্ধি পাইছে ক’ভিড (Covid)ত আক্ৰান্তৰ সংখ্যা ৷ ভয়ংকৰ ৰূপত জিলাখনত ক’ভিড সংক্ৰমণ ঘটাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰেও । সেয়েহে ক’ভিড পৰিস্থিতি (Covid Situation) নিয়ন্ত্ৰণৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি তিনিদিনৰ বাবে জিলাখনত বাহৰ পাতিছে মন্ত্ৰী সঞ্জয় কিষাণ (Sanjay Kishan)য়ে ৷ জিলাখনত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰিবৰ বাবে বুধবাৰে নিশাৰ ভাগতে উপস্থিত হয় মন্ত্ৰীগৰাকী ৷

সমগ্ৰ জিলাখনৰ ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰি চৰকাৰলৈ প্ৰতিবেদন আগবঢ়োৱাৰ কথা উল্লেখ কৰে মন্ত্ৰী কিষাণে । চিকিৎসা কৰ্মীৰ অভাৱ-অভিযোগ দূৰ কৰা, ক’ভিড প্ৰতিষেধক (Vaccine)ৰ পৰিমাণ বৃদ্ধি কৰা, মেডিকেল কলেজ হাস্পতালত শীঘ্ৰেই তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

ক’ভিড পৰিস্থিতি নিয়ন্ত্রণক লৈ তৎপৰ মন্ত্রী সঞ্জয় কিষাণ

উল্লেখ্য যে, জিলাখনত চৰম অৱনমিত হৈছে ক’ভিড পৰিস্থিতি ৷ নিতৌ জিলাখনত শতাধিক লোক ক’ভিড মহামাৰীত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ লগে লগে প্ৰতিদিনে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে ৷

ইতিমধ্যে লখিমপুৰ জিলাসহ ৰাজ্যৰ 7 খন জিলাক পুনৰ কণ্টেইনমেণ্ট জ’ন (Containment Zone) ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ অন্য প্ৰান্তৰ লেখীয়াকৈ গুৱাহাটী মহানগৰীতো লাহে লাহে পুনৰ বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা ৷ বুধবাৰৰ দিনটোত লখিমপুৰ জিলাত 209 গৰাকীকৈ লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে । লগতে এগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

এই পৰ্যন্ত জিলাখনত প্ৰায় 8 হেজাৰ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ উপৰিও 80 গৰাকী লোকে মৃত্যুমুখত পৰিছে ৷ গতিকে জিলাখনত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মন্ত্ৰী সঞ্জয় কিষাণে গ্ৰহণ কৰা পদক্ষেপ কিমান ফলপ্ৰসু হ’ব, সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : গুৱাহাটীত নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী-প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.