নাওবৈচা, 16 জুনঃ লখিমপুৰ জিলাৰ নাওবৈচাত বিজেপিৰ জন সম্পৰ্ক অভিযান অংশ গ্ৰহণ কৰিলে হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তয়। সমষ্টিটোৰ মাধৱপুৰ গাঁৱৰ দহ গৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে মন্ত্ৰী গৰাকীয়ে ৷
ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে ১১০নং নাওবৈচা বিধানসভা সমষ্টিতো বি জে পি চৰকাৰৰ জনসম্পৰ্ক ৰক্ষা অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে | নাওবৈচা সমষ্টিত এই জনসম্পৰ্ক অভিযানত অংশগ্ৰহণ কৰে হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই | লখিমপুৰ জিলা তথা নাওবৈচা মণ্ডলৰ বিজেপি'ৰ বিষয়ববীয়াৰ সৈতে সমষ্টিটোৰ ৰামপুৰ-বগীবিল গাঁও পঞ্চায়তৰ অধীনস্থ মাধৱপুৰ গাঁৱৰ দহ গৰাকী বিশিষ্ট ব্যক্তিক মন্ত্ৰী গৰাকীয়ে সাক্ষাত কৰি নাওবৈচাত সংবাদমেল সম্বোধন কৰে | সংবাদমেলত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় বাৰৰ কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষ পূৰ্তিৰ সফল আঁচনি সমুহৰ ওপৰত বক্তব্য দাঙি ধৰে মন্ত্ৰী গৰাকীয়ে | আনপিনে অহা বিধানসভা নিৰ্বাচনত বিজেপিৰ নিজ দলীয় প্ৰাৰ্থী প্ৰক্ষেপৰ পূৰ্ণ সম্ভাৱনা থকা বুলি ব্যক্ত কৰে |
উল্লেখ্য যে,সম্প্ৰতি নাওবৈচা সমষ্টিত ইউ ডি এফৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰী বিপৰীতে অহা ২০২১ চনৰ নিৰ্বাচনত বিজেপি দলে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপৰ কথা ঘোষণা কৰে ৷
লগতে পঢ়ক- পশ্চিম গুৱাহাটীত বিজেপিৰ জনসম্পৰ্ক অভিযান