ETV Bharat / state

Doli Hazarika death: বিহপুৰীয়াত পথ দুৰ্ঘটনাত সংবাদকৰ্মী ডলী হাজৰিকাৰ মৃত্যু

author img

By

Published : Jan 30, 2023, 10:12 AM IST

সকলোকে কন্দুৱাই অজান দেশলৈ বাট বুলিলে ডলীয়ে (Road accident at Bihpuria)৷ সন্ধিয়া পিতৃৰ লগত বজাৰ কৰিবলৈ গৈ বিবাহযাত্ৰী কঢ়িওৱা এখন আলট্ৰা বাহনৰ খুন্দাত অকাল মৃত্যুক সাৱটি লয় সংবাদকৰ্মী ডলীয়ে ৷ ডলীৰ পিতৃ দিলীপ হাজৰিকাৰ অৱস্থাত বৰ্তমানেও সংকটজনক (Media person Doli Hazarika Death) ৷

Doli Hazarika death in road accident at Bihpuria
বিহপুৰীয়াত পথ দুৰ্ঘটনাত সংবাদকৰ্মীৰ মৃত্যু

বিহপুৰীয়া, 30 জানুৱাৰী: অসমীয়াত এষাৰ কথা আছে ক্ষন্তেকৰ ভোজ খাওঁতা নাই ৷ খন্তেকতে হেৰাই গ’ল এটা প্ৰতিভা ৷ জীৱনৰ আদবাটত কালৰূপে দেখা দিলে বিবাহযাত্ৰী কঢ়িওৱা এখন বাহনে (Ultra bus hit bike)৷ উদণ্ড চালকৰ অতপালিৰ ফলস্বৰূপে আলট্ৰা বাহনখনৰ খুন্দাত চকুৰ পচাৰতে থানবান হৈ গ’ল এখন ঘৰ ৷ দেশ-বিদেশৰ বাতৰি লিখি আজি নিজেই বাতৰিৰ শিৰোনাম হ’ল ডলী (Media person Doli Hazarika Death) ৷

সকলোকে কন্দুৱাই কোনো অচিন দেশলৈ গ’লগৈ ডলী ৷ হেৰাই গ’ল সকলো সপোন, হেঁপাহ, আশা আকাংখ্যা... ৷পিতৃৰ সৈতে মটৰ চাইকেলত হাঁহিমুখেৰে গৈ আছিল ডলী ৷ কথা আছিলে পিতৃৰ লগত বজাৰ কৰি আহি তৃপ্তিৰে মাংসৰে নৈশ আহাৰ গ্ৰহণ কৰিব ৷ ইফালে স্বামী আৰু কন্যাই বজাৰৰ পৰা ঘূৰি আহিব বুলি বাটলৈ বাৰে বাৰে চকু ফুৰাইছে মাতৃয়ে ৷ কিন্তু বিধিৰ লিখনত অন্য কিবাহে আছিল ৷ ডলী আৰু নাই... ঘৰখনলৈ নামি আহিছিল আবতৰীয়া ধুমুহা ৷

বিহপুৰীয়াত শনিবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Bihpuria) ৷ বিহপুৰীয়া সন্তপুৰত দল'হাটৰ দিশৰ পৰা অহা বিবাহযাত্ৰী কঢ়িয়াই অনা অৰুণাচল প্ৰদেশৰ এখন বাছে মহতিয়াই লৈ যায় দুই বাইক আৰোহীক ৷ এই দুৰ্ঘটনাত বাইকখনত অহা পিতৃ আৰু কন্যা গুৰুতৰভাৱে আহত হয় ৷ আহত দুগৰাকী দিলীপ হাজৰিকা আৰু ডলী হাজৰিকা (Doli Hazarika death in road accident)৷ ডলী গুৱাহাটীৰ এটা বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী সংবাদকৰ্মী আছিল (One death in Road Accident) ৷ দুৰ্ঘটনাত ডলীয়ে ভৰি আৰু বুকুত গুৰুতৰভাৱে আঘাত পোৱাৰ বিপৰীতে পিতৃ দিলীপ হাজৰীকাই কঁকালৰ তলত গুৰুতৰভাৱে আঘাত পাইছিল (One inured in road accident)।

লগে লগে স্থানীয় লোকৰ তৎপৰতাত দুয়োগৰাকীকে লখিমপুৰ আসমাৰিক চিকিৎসালয়ত (Lakhimpur Civil Hospital) ভৰ্তি কৰোওৱা হয় যদিও চিকিৎসালয়তে ডলীয়ে মৃত্যুক সাৱটি লয় ৷ পিতৃ দিলীপ হাজৰিকাৰ অৱস্থা সংকটজনক হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ (Assam Medical College Dibrugarh) প্ৰেৰণ কৰা হয় ৷

জানিব পৰামতে মৃত ডলীয়ে দুদিনৰ পূৰ্বে চাৰিদিনৰ ছুটী লৈ নিজ ঘৰলৈ আহিছিল ৷ ঘৰৰ একমাত্ৰ সন্তান আছিল ডলী ৷ ডলীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ৰাজ্যৰ সংবাদমাধ্যমৰ লগতে অঞ্চলটোতো শোকৰ ছাঁ পৰিছে ৷ হাঁহিমুখীয়া, সৰল স্বভাৱৰ ডলী সকলোৰে লগত মিলিব পৰা আছিল ৷ ডলীৰ মৃত্যুক সহজে মানি ল’ব পৰা নাই সহকৰ্মী তথা বন্ধু বান্ধৱীয়ে ৷

সামাজিক মাধ্যমত ডলীৰ লগত পাৰ কৰা মুহুৰ্তবোৰ শ্বেয়াৰ কৰি আবেগিক হৈ পৰিছে সহকৰ্মীসকল (Doli Hzaraika death at Bihpuria) ৷ ইফালে ডলীৰ পিতৃৰ আশু আৰোগ্য কামনা কৰিছে সকলোৱে ৷

লগতে পঢ়ক: Asam Sahitya Sabha disputed land : নাৰায়ণপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাত উত্থাপন হ'ব বিতৰ্কিত ভূমিৰ প্ৰসংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.