ETV Bharat / state

New library established in Lakhimpur : মাংস বিক্ৰী কৰি দীপুৱে স্থাপন কৰিছে এটা পুথিভঁৰাল

author img

By

Published : Mar 10, 2023, 10:15 PM IST

এক ব্যতিক্ৰমী চিন্তাধাৰাৰ এজন ব্যতিক্ৰমী যুৱক । কষ্টোপাৰ্জিত ধনেৰে জ্ঞানৰ পৰিসৰ বৃদ্ধি লখিমপুৰৰ এজন যুৱকৰ আদৰ্শনীয় পদক্ষেপ ৷ ভৱিষ্যত প্ৰজন্মক লৈ অলেখ সপোন যুৱকজনৰ দুচকুত ৷ মাংস বিক্ৰী কৰি কষ্টোপাৰ্জিত ধনৰ এটা অংশৰেই যুৱকজনে স্থাপন কৰিছে এটা পুথিভঁৰাল (Meat seller establishes library in Lakhimpur) ৷ নাম দীপু বৰুৱা ৷ সবিশেষ এই প্ৰতিবেদনত...

New library established in Lakhimpur
ব্যক্তিকেন্দ্ৰিক হৈ পৰা পৃথিৱীত বিহপুৰীয়াৰ এজন ব্যতিক্ৰমী যুৱক

তেজপুৰ, ১০ মাৰ্চ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এজন ব্যতিক্ৰমী যুৱক ৷ নাম দীপু বৰুৱা ৷ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাচত দীপুৱে নগাঁৱত আই টি আই পাঠ্যক্ৰমত নামভৰ্তি কৰে ৷ আই টি আই পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাচত তেওঁ কৰ্ম সংস্থাপনৰ বাবে গমণ কৰে বহিঃৰাজ্যলৈ ৷

কৰ্মসূত্ৰে যুৱকজনে হায়দৰাবাদৰ এখন হোটেলত এটা বছৰৰ বাবে নিয়োজিত হৈ থাকে ৷ তেনেদৰেই অৰুণাচল প্ৰদেশতো প্ৰায় দহটা বছৰ থাকে বৰপথাৰৰ চামগুৰি গাঁৱৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ যুৱক দীপু বৰুৱাই ৷ বহিঃৰাজ্যত থাকিও কিন্তু অসমৰ যুৱক-যুৱতীৰ বাবে কাম কৰাৰ আছিল দুৰ্বাৰ হেঁপাহ ৷

সেয়ে কথাৰে নহয়, হাতে-কামে কিবা এটা কৰি দেখুৱাৰ পণ লৈ আগবাঢ়ি গৈছিল যুৱকজন ৷ কিন্তু সেই সময়তে সমগ্ৰ বিশ্বৰ বাবে কাল হৈ আহিল কৰ’ণা মহামাৰী ৷ ক’ভিডৰ ফলত আন বহু লোকৰ দৰেই দীপুৱেও হেৰুৱালে অৰ্থ উপাৰ্জনৰ পথ ৷ দিকবিদিক হেৰুৱাই উপায়ন্তৰ হৈ গৃহভূমিলৈ উভতি আহিল দীপু ৷

তাৰ পাচতে পৰিয়াল পোহপালৰ স্বাৰ্থত দীপু বৰুৱাই নিজ গাঁৱতে মাংসৰ দোকান দিবলৈ আৰম্ভ কৰে ৷ তেওঁৰ মাংসৰ দোকানখনৰ নাম দিলে ‘‘অসমীয়াগিৰী - কৰ্ম এক জাগৰণ’’ (Meat seller in Lakhimpur)৷ মাংস কাটি দুপইচা উপাৰ্জন কৰাৰ পাচতে এক মহান চিন্তাই থিতাপি ল’লে দীপু বৰুৱাৰ মন-মগজুত ৷

দীপু বৰুৱাই মন কৰিবলৈ ধৰিলে যে নতুন প্ৰজন্মৰ প্ৰতিনিধিসকল কিতাপৰ পৰা ক্ৰমাৎ আঁতৰি যাবলৈ ধৰিছে ৷ ম’বাইল ফোন, ইন্টাৰনেটে গ্ৰাস কৰিবলৈ ধৰিছে শিশুৰ পৰা কিশোৰ-কিশোৰীলৈকে ৷ এই দৃশ্যই চিন্তাক্লিষ্ট কৰি তুলিলে দীপুক ৷ সমান্তৰালভাৱে দীপু বৰুৱাৰ চকুত পৰিল সমাজত চলি থকা হত্যা-হিংসা, ধৰ্ষণ আদি ঘটনা প্ৰবাহ ৷ এনে এক পৰিস্থিতিৰ পৰা নতুন প্ৰজন্মক আঁতৰাই ৰখাৰ উপাই হিচাবে গ্ৰন্থ অধ্যয়নৰ কথা ভাবিবলৈ ল'লে দীপুৱে ৷

কিন্তু আৰ্থিকভাৱে দুৰ্বল দীপুৰ বাবে জানো এটা পুঁথিভৰাল নিৰ্মাণ কৰাটো সম্ভৱ ! প্ৰৱল আত্মবিশ্বাসী আৰু মহানতাৰ প্ৰতীক দীপুৱে মাংস কাটি আহৰণ কৰা ধনৰ এটা অংশ নতুন-প্ৰজন্মৰ ভৱিষ্যৎ নিৰ্মাণৰ বাবে সাঁচিবলৈ আৰম্ভ কৰিলে ৷ তেনেদৰেই এদিন প্ৰায় ৪০ হাজাৰ টকা জমা হ’ল ৷ সেই টকাৰেই এটা পুথিভঁৰাল নিৰ্মাণৰ কাম আৰম্ভ কৰিলে যুৱকজনে (Meat seller establishes library in Lakhimpur) ৷

ভবা মতেই কামখিনি আগবাঢ়িল ৷ সেই ৪০ হাজাৰ টকাৰ উপৰিও ঘৰৰ সন্মুখতেই থকা নিজৰ কিছু মাটিত পুথিভঁৰালটো নিৰ্মাণৰ বাবে আগবঢ়ালে ৷ দীপু বৰুৱা মহানতা দেখি কাষৰীয়া মিচিং জনগোষ্ঠীয় গাঁৱৰ লোকসকল আগবাঢ়ি আহিল শ্ৰমদানৰ বাবে ৷ তেনেদৰেই সম্পূৰ্ণ হৈ উঠিল পুথিভঁৰালটো ৷

পুথিভঁৰালটোৰ বেনাৰত দেখা গ'ল- ‘‘অসমীয়াগিৰী-কৰ্ম এক জাগৰণ’’ ৷ দীপু বৰুৱাই নিৰ্মাণ কৰা পুথিভঁৰালটোত সমাজৰ দুই-চাৰিজন বিশেষ লোকে শেহতীয়াকৈ আলমিৰা, কিতাপ আদি দান কৰা দেখা গৈছে ৷ অসমীয়াগিৰি টেগ লাইনৰ পুথিভঁৰালটোলৈ এতিয়া আবেলি হ'লেই সোঁত বয় অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ (New library established in Lakhimpur) ৷

ম’বাইল ফোনটোৰ পৰা আঁতৰি কণকণ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া বন্ধুত্ব গঢ়িছে বিভিন্ন কিতাপৰ ইটোৰ পাচত সিটো পাঠৰ লগত ৷ আৰ্থিকভাৱে দুৰ্বল হৈয়ো যথেষ্ট কষ্ট কৰি অৰ্জন কৰা ধনৰ পৰা দুপইচা সাঁচি দীপু বৰুৱাই পুথিভঁৰাল সাজি উলিওৱা কাৰ্যই এতিয়া কেউদিশে চৰ্চা লাভ কৰিছে ৷

দীপু বৰুৱাৰ আশা - প্ৰতিখন গাঁৱতেই গঢ় লৈ উঠক একোটাকৈ পুথিভঁৰাল ৷ কিয়নো গ্ৰন্থ অধ্যয়নৰ জৰিয়তেহে নিকা কৰিব পৰা যাব আজিৰ পৃথিৱীক ৷

লগতে পঢ়ক : New Assamese film based on Sati Sadhani : শীঘ্ৰে সতী সাধনীক লৈ নিৰ্মাণ হ’ব ‘‘বীৰাংগনা সাধনী’’ শীৰ্ষক ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.