লখিমপুৰ, 9 আগষ্ট : লখিমপুৰত অঘটন ৷ মঙলবাৰে পুৱা হালবাই থকা অৱস্থাত লখিমপুৰৰ চিয়াজুলীত বজ্ৰ পৰি গোধনসহ নিহত হয় এজন লোক (Man killed in lightning strike in Lakhimpur) ৷ নিহত লোকজন চিয়াজুলী অঞ্চলৰ ভোকালা বস্তিৰ নিবাসী চুনু ৰৌতিয়া বুলি জানিব পৰা গৈছে ৷
আনহাতে, চুনু ৰৌতিয়াৰ লগত একেলগে কাম কৰি থকা অৱস্থাতে বজ্ৰৰ ফলত আহত হয় তেওঁৰ সহোদৰ জগন্নাথ ৰৌতিয়া (Man from Lakhimpur injured by thunderstrike) ৷ বৰ্তমান অতি সংকটজনক অৱস্থাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে জগন্নাথ ৰৌতিয়া ৷
উল্লেখ্য যে, এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিছে শোকৰ ছাঁ ৷
কেৱল লখিমপুৰেই নহয়, মঙলবাৰে পুৱাৰ ভাগত অহা প্ৰবল বতাহ-বৰষুণ আৰু প্ৰচণ্ড বিজুলী-ঢেৰেকনিৰ সময়ত বজ্ৰ পৰি আহত হয় মাজুলীৰ এজন ব্যাক্তি (Man from Majuli injured by thunderstroke) ৷ আহত ব্যাক্তিজনৰ নাম ভৱেন দাস (46) বুলি জানিব পৰা গৈছে ।
বাঘৰ গাঁৱৰ লোকজন কুমলীয়া চাপৰিত থকা গৰু গোহালিৰ কাষতে টিঙৰ চালি এখনত বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ ৰৈ থকা অৱস্থাতে এই ঘটনাটো সংঘটিত হয় ৷ পৰৱৰ্তী সময়ত আহত ভৱেন দাসক গাঁওবাসীৰ তৎপৰতাত প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ৷
লগতে পঢ়ক : মাজুলীত বজ্ৰ পৰি আহত এজন