লখিমপুৰ, 16 জানুৱাৰীঃ মাঘ মাহৰ প্ৰথম দিনটোতে লখিমপুৰৰ পিঠাগুৰিৰ মিচিং গাঁৱৰ ৰাইজে পালন কৰি আহিছে মাঘ বিহু ৷ মাঘ বিহু উপলক্ষে পিঠাগুৰিবাসীয়ে ক্ৰমাৎ হেৰাই যাবলৈ ধৰা টোকোৰা চৰাইৰ বাহৰ আৰ্হিত নিৰ্মাণ কৰে মেজি ৷
তাৰোপৰি সেই একে ঠাইত সজা হৈছে সৰু বৰ প্ৰায় ১০০ টা মেজি ৷ প্ৰকৃতিৰ সংৰক্ষণৰ প্ৰতি নৱ প্ৰজন্মক দায়বদ্ধ কৰিবলৈ বিহু উদ্যোতাই প্লাষ্টিকৰ বটলেৰেও নিৰ্মাণ কৰিছে মেজি ৷