ETV Bharat / state

লখিমপুৰ মেডিকেল কলেজৰ বাছনি পৰীক্ষাৰ ফলাফল সন্দৰ্ভত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

author img

By

Published : Sep 14, 2022, 9:40 PM IST

মঙলবাৰে নিশা লখিমপুৰ মেডিকেল কলেজৰ তৃতীয় আৰু চতুর্থ বৰ্গৰ বাছনি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতে আইনুল হকে প্ৰকাশ কৰা বক্তব্যই ফলাফলৰ স্বচ্ছতাৰ ওপৰত সন্দেহৰ আঙুলি তুলিছে (Lakhimpur Medical College recruitment scam) । বুধবাৰে লখিমপুৰত উপস্থিত হৈ লুৰীণজ্যোতি গগৈয়ে এই সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে ৷

Lurinjyoti Gogoi Reacts on Recruitment in Lakhimpur
লখিমপুৰ মেডিকেল কলেজৰ বাছনি পৰীক্ষাৰ ফলাফল সন্দৰ্ভত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

লখিমপুৰ, ১৪ ছেপ্টেম্বৰ: ভিক্টৰ দাসৰ প্ৰসংগই ৰাজ্যজুৰি তোলপাৰ লগাই থকাৰ সময়তে এইবাৰ আইনুল হকৰ বক্তব্যই সৃষ্টি কৰিছে তুমুল প্ৰতিক্ৰিয়াৰ (Recruitment Controversy) । মঙলবাৰে নিশা লখিমপুৰ মেডিকেল কলেজৰ তৃতীয় আৰু চতুর্থ বৰ্গৰ বাছনি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতে আইনুল হকে প্ৰকাশ কৰা বক্তব্যই ফলাফলৰ স্বচ্ছতাৰ ওপৰত সন্দেহৰ আঙুলি তুলিছে (Lakhimpur Medical College recruitment scam) ।

আইনুল হকে উকা বহী জমা দিয়া এজন প্ৰাৰ্থী উত্তীৰ্ণ হোৱা বুলি সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত প্ৰকাশ কৰাৰ লগে লগে নিযুক্তিৰ স্বচ্ছতাক লৈ প্ৰশ্ন উঠিছে । বিভিন্ন দল সংগঠনে এই বাছনি ক্ৰটিপূৰ্ণ বুলি দাবী জনাইছে । বুধবাৰে লখিমপুৰত উপস্থিত হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এখনো তামোল নোখোৱাকৈ চাকৰি দিম বুলি কোৱা মুখ্যমন্ত্ৰীৰ কথাবোৰ প্ৰহসন মাথো বুলি মন্তব্য কৰে ( Lurinjyoti Gogoi Reacts on Recruitment) ৷

ৰাজ্যৰ মেধাৱী প্ৰাৰ্থীসকলৰ কঠোৰ শ্ৰমৰ বিনিময়ত এইয়া উপহাস বুলিও উল্লেখ কৰি লখিমপুৰত মেডিকেল কলেজৰ নিযুক্তি প্ৰক্ৰিয়াতো দূৰ্নীতি হোৱাৰ অভিযোগ তুলিলে এজেপিৰ নেতাগৰাকীয়ে ৷ আনহাতে ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ সম্পাদক নিৰ্মল পায়েঙেও এই বাছনি প্ৰক্ৰিয়াত আসোৱাহ থকাৰ কথা উল্লেখ কৰি এই লৈ এক তদন্তৰ দাবী জনায় ।

ইফালে বাছনি প্ৰক্ৰিয়াত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশ প্ৰাৰ্থীয়েও ৷ উল্লেখ্য যে, লখিমপুৰ মেডিকেল কলেজত ১০/১২ বছৰ ধৰি তৃতীয় আৰু চতুর্থ বৰ্গত খাটি থকা ৬২ গৰাকী প্ৰাৰ্থীয়েও পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল যদিও তেওঁলোকৰ কোনো এজনো নিৰ্বাচিত নহ’ল ৷ তেওঁলোকে এই ফলাফল নিকা নহয় বুলি ক্ষোভ প্ৰকাশ কৰি ইতিমধ্যে জিলাৰ উপায়ুক্তক আবেদন দাখিল কৰিছে ।

লগতে পঢ়ক: নিযুক্তি কেলেংকাৰীক লৈ সৰৱ জাতীয় যুৱ বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.