বিহপুৰীয়া,27 মে': নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভোলাবৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ অসম-অৰুণাচল সীমান্তত তেজেৰে লুটুৰি-পুটুৰি হৈ থকা এটি 13 বছৰীয়া কিশোৰক অৰুণাচল আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাচতে চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ৷ ঘটনা অনুসৰি, ভোলাবৰী চাৰিআলিৰ এগৰাকী মহিলাৰ একে গাঁৱৰে এজন যুৱকৰ সৈতে থকা অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতিত যুৱকজনে মহিলাগৰাকীৰ 13 বছৰীয়া পুত্ৰক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
স্থানীয় লোকৰ অভিযোগ অনুসৰি, দীৰ্ঘদিনে মহিলাগৰাকীক পলুৱাই নিয়াৰ চেষ্টা চলাইছিল যুৱকজনে ৷ কিন্তু মহিলাগৰাকীৰ সন্তানে বাধা দিয়াত মঙলবাৰে বিয়লি যুৱকজনে ফুৰাবলৈ নিয়াৰ চলেৰে অসম-অৰুণাচল সীমান্তৰ দ্ৰোপাং নদীত ডেগাৰেৰে হানি-খুচি অৰ্ধমৃত অৱস্থাত পেলাই থৈ যায় কিশোৰজনক ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকৰ সহযোগত অৰুণাচল আৰক্ষীয়ে তেজেৰে লুটুৰি-পুটুৰি হৈ থকা কিশোৰটিক মূমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰে ৷
ইফালে, এই জঘণ্য ঘটনা সংঘটিত অভিযুক্ত যুৱকজনে গাঁৱৰ পৰা পলায়ন কৰিছিল যদিও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক: নৱজাতৰ মৃত্যুক কেন্দ্ৰ কৰি বিশ্বনাথৰ নিজ বাঘমাৰীত তীব্ৰ চাঞ্চল্য