ETV Bharat / state

লখিমপুৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰত উলংঘা লক ডাউনৰ নিৰ্দেশনা - Lock down rule break at Lakhimpur

লখিমপুৰ জিলাত মুকলি হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়ত মুকলি হোৱা পদৰ বাবে আবেদন কৰিবলৈ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়নৰ বাবে আহি শাৰী পাতিলে শ শ লোকে ৷

Lock down rule break at Lakhimpur employment exchange office
লখিমপুৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰত উলংঘা লক ডাউনৰ নিৰ্দেশনা
author img

By

Published : May 17, 2020, 3:30 PM IST

লখিনপুৰ, 17 মে': কৰ'ণা মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে দেশজুৰি বাহাল আছে লক ডাউন ৷ ইয়াৰ বাবে প্ৰদান কৰা হৈছে বহু চৰকাৰী নিৰ্দেশনা ৷ কিন্তু ইয়াৰ মাজতে লখিমপুৰ জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰত দেখা গল লক ডাউনৰ সকলো নিৰ্দেশনা অমান্য কৰা দৃশ্য ৷ লখিমপুৰ জিলাত মুকলি হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়ত মুকলি হোৱা পদৰ বাবে আবেদন কৰিবলৈ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়নৰ বাবে আহি শাৰী পাতিলে শ শ লোকে ৷ তেঁওলোকৰ মাজত নাই কোনো সামাজিক ব্যৱধান ৷

লখিমপুৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰত উলংঘা লক ডাউনৰ নিৰ্দেশনা

সামাজিক ব্যৱধানৰ বাবে এগৰাকী মহিলা কনিষ্টবলে বাৰে বাৰে আহ্বান জনোৱাৰ পাছতো কাণসাৰ নাই লোক সকলৰ ৷ উল্লেখ্য যে বিগত তিনিদিন ধৰি অনুৰূপ অৱস্থাই বিৰাজ কৰিছে কাৰ্যালয়টোত ৷ কিন্ত সকলো তদাৰক কৰিবলৈ তিনিওটা দিনতেই কাৰ্যালয়টোত উপস্থিত নাই উচ্চ প্ৰদস্থ বিষয়া ৷ ইয়াৰ বিপৰীতে মাত্ৰ তিনিজন কৰ্মচাৰীয়ে সমাধা কৰিছে কাম ৷ যাৰ বাবে চৰকাৰী চাকৰিৰ আশাত ঘণ্টাৰ পিছত ঘণ্টা দীঘলীয়া শাৰী পাতি সামাজিক দুৰত্ব তথা লকডাউনৰ সকলো নীতি নিয়ম ভাঙিবলৈ বাধ্য হৈছে এইসকল নিবনুৱা ৷

লগতে পঢ়কঃ শোণিতপুৰত প্ৰথমজন কৰ'ণাত আক্ৰান্ত, ৰাজ্যত আক্ৰান্তৰ সংখ্যা 95

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.