ETV Bharat / state

লখিমপুৰত ভূমিকেন্দ্ৰিক সংঘাতঃ উত্তেজিত ৰাইজে জ্বলালে বাসগৃহ

author img

By

Published : Dec 26, 2020, 12:24 PM IST

Updated : Dec 26, 2020, 12:30 PM IST

শনিবাৰে লখিমপুৰৰ চাউলধোৱাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ ৰূপহী চাপৰি গজেনপুৰত চতুৰ্জী বৰগঞাৰী নামৰ এজন লোকৰ বাসগৃহ জ্বলাই দিয়ে ৰূপহী মিচিং গাঁৱৰ একাংশ লোকে ৷

Land centric conflict At Lakhimpur
লখিমপুৰৰ চাউলধোৱাত ভূমিকেন্দ্ৰিক সংঘাতঃউত্তেজিত ৰাইজে জ্বলালে বাসগৃহ

লখিমপুৰ,26ডিচেম্বৰঃ শনিবাৰে লখিমপুৰৰ চাউলধোৱাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ ৰূপহী চাপৰি গজেনপুৰত চতুৰ্জী বৰগঞাৰী নামৰ এজন লোকৰ বাসগৃহ জ্বলাই দিয়ে ৰূপহী মিচিং গাঁৱৰ একাংশ লোকে ৷ জানিব পৰা মতে,শনিবাৰে পুৱা 4 বজাত ৰূপহী মিচিং গাঁৱৰ খগেশ্বৰ পেগু আৰু ৰূপহী চাপৰিৰ গজেনপুৰৰ চতুৰ্জী বৰগঞাৰীৰ মাজত ভূমিকেন্দ্ৰিক সংঘাতৰ সৃষ্টি হৈছিল ৷ যাৰ ফলত গজেনপুৰৰ চতুৰ্জী বৰগঞাৰীয়ে ৰূপহী মিচিং গাঁৱৰ খগেশ্বৰ পেগু নামৰ ব্যক্তি গৰাকীক চোকা অস্ত্ৰৰে আঘাত কৰি গুৰুত্বৰভাৱে আহত কৰে ৷

লখিমপুৰত ভূমিকেন্দ্ৰিক সংঘাতঃ উত্তেজিত ৰাইজে জ্বলালে বাসগৃহ

ইয়াৰ পিছতে ৰূপহী মিচিং গাঁৱৰ একাংশ লোকে সেই ঘটনাৰ প্ৰতিশোধ স্বৰূপে চতুৰ্জী বৰগঞাৰীৰ ঘৰত হাতে-হাতে অস্ত্ৰ লৈ আক্ৰমণ কৰি ঘৰত অগ্নিসংযোগ কৰাৰ লগতে বাৰীৰ গছ গছনি কাটি তহিলং কৰে ৷ ইপিনে,চতুৰ্জী বৰগঞাৰীৰ পুত্ৰ চিকাংফু বৰগঞাৰীৰ অভিযোগ উত্তেজিত ৰাইজে চতুৰ্জী বৰগঞাৰী ঘৰৰ ভিতৰত থাকোঁতেই অগ্নিসংযোগ কৰি হত্যাৰ চেষ্টা চলায় ৷ বৰগঞাৰীৰ শৰীৰৰ কিছু অংশ পুৰে যদিও কথামপি প্ৰাণ ৰক্ষা পৰে ৷ আনহাতে,এই ঘটনাৰ পিছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ৷

লগতে পঢ়কঃ ইউৰোপৰ 9 খন দেশত পুনৰ ক'ৰণাৰ আতংক

Last Updated : Dec 26, 2020, 12:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.