ETV Bharat / state

Leaf Crafts Art: পাতত তিৰেবিৰাই বহু বৰেণ্যৰ ছবি...

গছৰ পাতত জিলিকিছে সুধাকণ্ঠকে ধৰি বিভিন্ন বৰেণ্য ব্যক্তিৰ প্ৰতিচ্ছবি । আচহুৱা যেন লাগিলেও এয়া বাস্তৱ কাহিনী । লখিমপুৰত গছৰ পাতত সুধাকণ্ঠৰ লগতে বিভিন্ন শিল্পী, বৰেণ্য ব্যক্তিৰ প্ৰতিচ্ছবি জিলিকিছে । এগৰাকী যুৱ শিল্পীৰ এয়া ব্যতিক্ৰমী প্ৰয়াস । এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ।

Leaf Crafts Art
গছৰ পাতত বৰেণ্য ব্যক্তিৰ প্ৰতিচ্ছবি খোদিত
author img

By

Published : Aug 21, 2023, 11:31 AM IST

গছৰ পাতত বৰেণ্য ব্যক্তিৰ প্ৰতিচ্ছবি খোদিত

লখিমপুৰ, ২১ আগষ্ট : মাজে সময়ে কেতবোৰ অলৌকিক ক্ৰিয়া-কলাপৰ খবৰ বিয়পে এইখন অসমত । গছৰ ডাল-পাত, গছৰ মূঢ়া নাইবা শিলৰ গুহা আদিত দেৱ-দেৱতাৰ আবিৰ্ভাৱ ঘটাৰ অলৌকিক খবৰে সংবাদ শিৰোনাম দখল কৰে । কৌতুহলী জনতাৰ সোঁত বয় তেনে অলৌকিকতা প্ৰত্যক্ষ কৰিবলৈ । পিচে এইবাৰ লখিমপুৰত তেনে এক খবৰে ৰাইজক কৌতুহলী কৰিছে ।

গছৰ পাতত ওলাইছে সুধাকণ্ঠৰ পৰা বিভিন্নজন শিল্পী আৰু ৰাজনৈতিক ব্যক্তিৰ প্ৰতিচ্ছবি । পিচে এয়া কোনো প্ৰাকৃতিক পৰিঘটনা নহয় । এগৰাকী শিল্পীয়ে সৃষ্টি কৰিছে এই ব্যতিক্ৰমী শিল্পৰ ধাৰা । শিল্পীগৰাকী হৈছে লখিমপুৰৰ পানীগাঁও এলেকাৰ বিদ্যুৎ কলিতা ।

সৰুৰে পৰা ছবি আঁকি ভালপোৱা বিদ্যুতে দুহাতত ৰঙৰ বোল সানি কৈশোৰ অতিক্ৰম কৰিলে । ৰং তুলিকাৰ ছন্দৰে জীৱন ৰঙীণ কৰাৰ লক্ষ্যৰে আগুৱাই যোৱা বিদ্যুতৰ পিচে এই ৰঙীণ যাত্ৰাত আউল লাগিল । ক’ৰ’ণা মহামাৰীৰ সময়ত শুকাল বিদ্যুতৰ তুলিকাৰ ৰং ।

মহামাৰী পৰিস্থিতিত দোকান পোহাৰ বন্ধ হৈ পৰাত ৰং কিনিবলৈ কোনো উপায় নাছিল বিদ্যুতৰ । দুহাতত ৰঙৰ বোল সানিবলৈ নাপালে ৰ’ব নোৱাৰা হোৱা বিদ্যুতৰ বাবে ক’ৰ’ণা কাল অভিশাপ স্বৰূপ হৈ পৰিল । ৰং বিহীন সময় পাৰ কৰাতো বিদ্যুতৰ বাবে অসহনীয় হৈ পৰিল । তেনে সংকটৰ সময়ত বিকল্প চিন্তা কৰিলে বিদ্যুতে । এইবাৰ ৰং নোহোৱাকৈ শিল্প সৃষ্টি প্ৰয়াসত নামিল বিদ্যুৎ ।

গছৰ পাত ছিঙি শিল্প সৃষ্টিৰ প্ৰয়াস কৰিলে । প্ৰথমবাৰতেই সফল হ’ল তেওঁ । এটাৰ পাচত এটাকৈ গছৰ পাত কাটি সুধাকণ্ঠৰ পৰা বিভিন্নজন শিল্পী, বৰেণ্য ব্যক্তি, ৰাজনৈতিক ব্যক্তিৰ প্ৰতিচ্ছবি তেওঁ খোদিত কৰিলে গছৰ পাতত । বিদ্যুতৰ এই নৱতম সৃষ্টি চাবলৈ ৰাইজৰ সোঁত ব’বলৈ ল’লে । ৰাইজৰ উৎসাহকে মূলধন কৰি বিদ্যুতে গছৰ পাতত বৰেণ্য ব্যক্তিৰ প্ৰতিচ্ছবি খোদিত কৰি গ’ল । এবাৰো উভটি চাব লগীয়া নহ’ল শিল্পী বিদ্যুতে ।

এই ব্যতিক্ৰমী শিল্পকৰ্মৰ জৰিয়তে সমাদৰৰ পাত্ৰ হৈছে বিদ্যুৎ । গছৰ পাতত বৰেণ্য ব্যক্তিৰ প্ৰতিচ্ছবি খোদিত কৰি সফল হোৱা বিদ্যুতে ভৱিষ্যতেও ব্যতিক্ৰমী চিন্তা চৰ্চাৰে পৃথক শৈলীৰে শিল্পকৰ্ম কৰাৰ মন বান্ধি ৰাখিছে । ৰং তুলিকাৰ পৰা গছৰ পাতলৈকে নিপুণ হাতৰ পৰশ দি বিদ্যুৎ শিল্প সাধনাত মগ্ন হৈ পৰিছে ।

শুকান চাহপাত চটিয়াই সুধাকণ্ঠ, জুবিন গাৰ্গ আদিৰ ছবিও তেওঁ থিতাতে সৃষ্টি কৰিব পাৰে । ৰাইজৰ আশীৰ্বাদ আৰু শুভেচ্ছাক সাৰোগত কৰি, দুচকুত অলেখ সপোন লৈ বিদ্যুতে খোজ থৈছে শিল্পীৰ পৃথিবীখনক অধিক ৰঙীণ কৰি তোলাৰ হেঙুলীয়া পথত ।

লগতে পঢ়ক : Chandrayaan-3: 23 আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান-3য়ে; দ্বিতীয় ডিবুষ্টিং সফলতাৰে সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.