ETV Bharat / state

লখিমপুৰত আবতৰীয়া বিহু ! - হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ লখিমপুৰৰ মহিলাৰ

মঙলবাৰে ৰাজ্য চৰকাৰে মাইক্ৰ’ফাইনেন্সৰ(Microfinance) ঋণ ৰেহাইৰ বাবে স্বাক্ষৰ কৰা MoU(Memorandum of Understanding)ক আদৰণি জনাইছে লখিমপুৰৰ মহিলাসকলে ৷ চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনাই আনন্দত মতলীয়া হৈ কঁকাল ঘূৰাই ঘূৰাই বিহু নাচিছে মহিলাসকলে ৷

lakhimpur women bihu dance
আবতৰীয়া বিহু
author img

By

Published : Aug 26, 2021, 1:48 PM IST

লখিমপুৰ, 26 আগষ্ট : একাংশ মহিলাৰ বিহুনাচ ৷ গাত আবতৰীয়া বিহু লাগিছে এইসকল মহিলাৰ ৷ চাপৰি বজাই বজাই বিহু গীত গোৱাৰ লগতে কঁকাল ঘূৰাই ঘূৰাই নাচিছে মহিলাসকলে ৷ কিন্তু এই আবতৰতে মহিলাসকলে বিহুত মতলীয়া হ’ল কিয় ?

মহিলাসকলৰ এই আনন্দৰ কাৰণ হৈছে মাইক্ৰ’ফাইনেন্স(Microfinance) ঋণ ৰেহাইৰ বাবে মঙলবাৰে ৰাজ্য চৰকাৰে স্বাক্ষৰ কৰা MoU(Memorandum of Understanding) ৷ লখিমপুৰৰ খগাৰ টপটপি অঞ্চলত জাগৃত নাৰী শক্তি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিয়ে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই এনেদৰে আনন্দত মতলীয়া হৈ পৰে ৷

আবতৰীয়া বিহু

লগতে পঢ়ক: মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই অভিযানে লাভান্বিত কৰিব বৃহৎ বেংক গোষ্ঠী সমূহক !

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক(Himanta Biswa Sarma) কৃতজ্ঞতা জ্ঞাপন কৰে মহিলাসকলে ৷ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ উদ্দেশ্য মঙলবাৰে‌ কেইবাটাও বেংক আৰু মাইক্ৰ’ফাইনেঞ্চৰ বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৰাজ্য চৰকাৰে ।

এই চুক্তিয়ে ৰাজ্যৰ মহিলা ঋণ গ্ৰহণকাৰীসকলক সকাহ প্ৰদানৰ প্ৰক্ৰিয়াৰ আৰম্ভণি কৰা বুলি ৰাজ্যবাসীয়ে বিশ্বাস কৰিছে । ৰাজ্য চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ক্ষুদ্ৰ ঋণ গ্ৰহণকাৰী মহিলাসকলক ঋণ ৰেহাই দিয়াৰ অভিযানে কিন্তু বিশেষভাৱে লাভান্বিত কৰিব বৃহৎ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহকহে ।

মুখ্যমন্ত্ৰীয়ে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ বাবে যি পদক্ষেপ লৈছে তাৰ আঁৰত ৰৈ গৈছে বহু গুৰুত্বপূৰ্ণ কথা । এই ঋণ ৰেহাইৰ ক্ষেত্ৰত হ’বলগীয়া ৰাজহুৱা পুঁজি ক’ৰ পৰা কেনেকৈ ব্যয় কৰা হ'ব সেই সন্দৰ্ভত চৰকাৰ সম্পূৰ্ণৰূপে নিমাত ৷

লগতে পঢ়ক: Microfinance Loan: ঋণ ৰেহায়ৰ ক্ষেত্ৰত এখোজ আগুৱালে চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.