ETV Bharat / state

Bamboo trades: বাঁহে বিপদাশংকা বঢ়াইছে লখিমপুৰ নগৰত

author img

By

Published : Aug 11, 2023, 10:03 AM IST

লখিমপুৰ নগৰত পুৱাই একাংশ বেপাৰীয়ে ঠেলাত কেঁচা দীঘল বাঁহ লৈ বিক্ৰী কৰি আহিছে । দীর্ঘদিন ধৰি এনে বেহা চলি আহিছিল যদিও সম্প্ৰতি এনে বেহাই বিপদৰ আশংকা ঘনীভূত কৰিছে । বাঁহৰ বেহাই বিঘিনি ঘটোৱাৰ আশংকা নমাইছে লখিমপুৰত ।

Lakhimpur residents in danger due to bamboo trade
বাঁহৰ ব্যৱসায়ৰ বাবে বিপদত লখিমপুৰবাসী
বাঁহৰ ব্যৱসায়ৰ বাবে বিপদত লখিমপুৰবাসী

লখিমপুৰ, ১১ আগষ্ট: কেচা বাঁহৰ বেহাৰ বাবে দুঘটনাৰ আশংকা প্ৰকাশ পাইছে লখিমপুৰ নগৰত । উল্লেখ্য দীঘল কেচা বাঁহ ঠেলাত তুলি নগৰখনত অনা নিয়া কৰা কাৰ্যই বিপদৰ আশংকা কঢ়িয়াইছে । খোদ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে এনে বিপদৰ আশংকা ঘনীভূত হৈছে ।

একাংশ বেপাৰীয়ে গ্ৰাম্যাঞ্চলৰ পৰা কেঁচা বাঁহ কাটি দীঘলে দীঘলে ঠেলাত ভৰাই নগৰত আনি বিক্ৰী কৰি আহিছে । বেপাৰীয়ে পুৱাই এনেদৰে বাঁহ আনি স্কুল কলেজ বা চৰকাৰী কাৰ্যালয়সমূহ আৰম্ভ হোৱাৰ আগতেই বেহা সামৰি উভটি যায় । নগৰখনত এই দৃশ্যপট বহু দিনীয়া । তেনে বেহাই ইমান দিনে কোনো সমস্যাৰ সৃষ্টি কৰা নাছিল ।

কিন্তু এতিয়া এই বাঁহৰ বেহাৰ পৰা দুৰ্ঘটনাৰ আশংকা নামিছে । কিয়নো প্ৰচণ্ড গৰমৰ বাবে চৰকাৰী নিৰ্দেশত কিছু দিনৰ পৰা শিক্ষা প্রতিষ্ঠান সমুহৰ সময়সূচী সলনি কৰা হৈছে এতিয়া পুৱা ৭.৩০ বজাৰ পৰাই শিক্ষানুষ্ঠানসমূহ আৰম্ভ হয় । দুমাহমানৰ আগৰে পৰা আৰম্ভ হোৱা এই সময়সূচী এতিয়াও অব্যাহত আছে । যাৰ বাবে পুৱা ৭ মান বজাৰ পৰাই নগৰ খনত ছাত্র-ছাত্রী, অভিভাৱক, আদিৰ লগতে শিক্ষানুষ্ঠানৰ যান-বাহনৰ ভিৰ হয় ।

এনে পৰিৱেশত দীঘল কেঁচা বাঁহৰ ঠেলাসমূহেও নগৰখনত যান-বাহনৰ সন্মুখত বিধি-পথালি দিয়ে । নগৰখনৰ অন্যস্থানৰ উপৰি খোদ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে এনে দৰে বাঁহৰ ঠেলাৰ পৰা বিপদৰ আশংকা নামিছে । লক্ষ্যণীয় কথাটো হ'ল সেই সময়ত এনে বেমেজালিৰ পৰিৱেশ দুৰ কৰিবলৈ যান-বাহন শাখাৰ আৰক্ষীও নাথাকে । ফলত পুৱাই নগৰ খনৰ কেইবাটাও স্থানৰ লগতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পদে পদে বিপদৰ আশংকা বিৰাজ কৰে ।

শিক্ষানুষ্ঠানসমূহৰ সময়সূচী সলনি নোহোৱালৈকে পুৱাই নগৰ খনত কেঁচা বাঁহৰ ঠেলাৰ বেহা সুৰক্ষিত স্থানত না ৰাখিলে কেতিয়াবা ভয়ংকৰ দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ সম্ভাৱনা আছে । বিশেষ কৈ ছাত্র-ছাত্রী এনে দুৰ্ঘটনাৰ বলি হোৱাৰ সম্ভাৱনা সৰহ । সেয়ে নাগৰিকে কেঁচা বাঁহৰ ঠেলাৰ বেহা নগৰখনৰ কোনো সুৰক্ষিত স্থানত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন বা পৌৰসভাক আহ্বান জনাইছে ।

লগতে পঢ়ক: Formalin in milk: গাখীৰৰ নামত বৰবিহ সেৱন ধুবুৰীবাসীৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.